ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা।১২৬টা সমষ্টিৰ ৯৪৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি ।প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগণনা।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত অনুষ্ঠিত হৈছিল।দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ১এপ্ৰিল ২০২১ত।নিৰ্বাচন অনুষ্ঠিত হৈছিল ৩৯টা সমষ্টিত।তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হৈছিল ৬ এপ্ৰিল ২০২১ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৪০টা সমষ্টিত।এতিয়া মাথোঁ অপেক্ষা।কোনে পিন্ধিব বিজয়ৰ তিলক?সকলো স্পষ্ট হ’ব আজি।
আনহাতে অসমৰ লগতে আজি আন চাৰিখন ৰাজ্য ক্ৰমে পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীতো হ’ব ভোটগণনা।