স্বাস্থ্য প্ৰতিবেদন:
ডাবৰ পানী খালে শৰীৰৰ বহু উপকাত হয়। চাওঁ আহক সেই উপকাৰিতাবোৰ :
* ডাবৰ পানী হ’ল প্রাকৃতিক চেলাইন। ডাবৰ পানীত উপকাৰী উৎসেচক (এনজাইম) থকাত হজমত সহায় কৰে।
* ডাবে আমাৰ শৰীৰত পানীৰ ভাৰসাম্য বজায় ৰাখে। সেয়ে ক্ষতিকৰ খাদ্যৰ সলনি ডায়েটত ৰাখক ডাবৰ পানী।
* ইয়াত প্রচুৰ পৰিমাণে পটাচিয়াম, ছডিয়াম আছে। সেয়ে শৰীৰত এইবোৰ খনিজৰ অভাৱ পূৰণ কৰিব পাৰে ডাবৰ পানীয়ে।
* ডাবৰ পানীত আছে মূত্রবর্ধক উপাদান। ই ইউৰিনেৰী ট্ৰেক্ট পৰিষ্কাৰত সহায় কৰৰ। শৰীৰত শক্তি যোগোৱাত সহায় কৰে ডাবৰ পানীয়ে। ই থাইৰয়েড হৰমোনৰ উৎপাদন বৃদ্ধি কৰে।
* শৰীৰচর্চা বা পৰিশ্রমৰ কাম কৰাৰ পিছত এক গিলাচ ডাবৰ পানীয়ে শৰীৰত শক্তি পুনৰুদ্ধাৰত সহায় কৰে।
* প্রতিদিনে এক কাপ ডাবৰ পানী খালে ছাল আর্দ্র থাকে। ফলত ব্রণৰ সমস্যা কমে।
* নিয়মিত ডাবৰ পানী খালে গেছট্রিকৰ সমস্যা কমে। ডাবৰ পানীয়ে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ই ইউৰিনেৰী ট্ৰেক্টত সংক্রমণকাৰী বেক্টেৰিয়া প্রতিৰোধ কৰে।
***অৱশ্যে যিকোনো খাদ্য নিয়মিত খোৱাৰ আগতে আপোনাৰ শৰীৰৰ অৱস্থা জানিব লাগিব। প্রয়োজনত চিকিৎসকৰ পৰামর্শ লওক।***