স্বাস্থ্য প্ৰতিবেদন:
হালধি ‘মচলাৰ ৰাণী’ বা আয়ুর্বেদিক ঔষধৰ প্রধান হিচাবে পৰিচিত। গাখীৰ আৰু তেলৰ সৈতে ইয়াক মিহলোৱাৰ পিছত ইয়াৰ উপকাৰবোৰ সঁচাকৈয়ে আশ্চর্যজনক। হালধি গুড়িত এন্টিঅক্সিডোন্ট, এন্টি-ভাইৰোল, এন্টি-বেক্টেৰিয়েল, এন্টি-ফাঙ্গাল, এন্টি-কাৰছিনোজেনিক, এন্টি-মিউটাজেনিক আৰু এন্টি-ইনফ্লেমেটৰিৰ দৰো অবিশ্বাস্য নিৰাময় বৈশিষ্ট্য আছে। হালধিত প্রোটিন, ডায়েটাৰি ফাইবাৰ, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে, পটাছিয়াম, কোলচিয়াম, তাম, আয়ৰন, মোগনেছিয়াম আৰু দস্তাসহ বহু পুষ্টি উপাদান আছে। হালধিৰ স্বাস্থ্য উপকাৰিতা বহুত।
হালধিৰ ৫টা স্বাস্থ্য উপকাৰিতা :
প্রথম উপকাৰটি হ’ল হালধিয়ে প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে। ইয়াত লাইপোপলিছেকাৰাইড আছে, ই এনে এটি উপাদান যিয়ে শৰীৰত প্রতিৰোধ ক্ষমতা যোগানত সহায় কৰে আৰু চর্দি, জ্বৰ আৰু কাহ প্রতিৰোধ কৰে। ডায়েটত আধা চামুচ হালধি অন্তর্ভুক্ত কৰা বা প্রতিদিনে এগিলাচ গৰম গাখীৰৰ লগত খোৱাৰ পৰামর্শ দিয়া হয়।
২. চুলি সৰা কমায় :
হালধি চুলি সৰা ৰোধত সহায়ক হিচাবে বিবেচিত হয়। হালধিৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল বৈশিষ্ট্যবোৰে প্রদাহ নির্গত কৰে, যিয়ে চুলিক দুর্বল আৰু পাতল হোৱাৰ পৰা ৰক্ষা কৰে। ই আপোনাৰ মূৰৰ ছালৰ বাবে প্রাকৃতিক ক্লিনজাৰ হিচাবেও কাম কৰে আৰু উফিৰ পৰা মুক্তি পোৱাত সহায় কৰে। এক চামুচ হালধিৰ ৰস মূৰত বা তেল মিহলাই মূৰৰ ছালত লগাওক।
৩. ছালৰ সমস্যা দূৰ কৰে :
হালধিৰ এন্টি-বেক্টেৰিয়েল কার্যবোৰে ছালৰ স্বাস্থ্য অটুট ৰাখে আৰু পিম্পলজনিত বেক্টেৰিয়াবোৰৰ বিৰুদ্ধে যুঁজ দিয়ে। এন্টিছেপটিক বৈশিষ্ট্যই শাৰীৰিক আঘাতৰ নিৰাময়ৰ প্রক্রিয়াটিক ত্বৰান্বিত কৰে, ছালৰ জ্বালা প্রশমিত কৰে আৰু সংক্রমণ প্রতিৰোধ কৰে।
৪. লিভাৰ স্বাস্থ্যকৰ কৰি ৰাখে :
বিষাক্ত ৰোগ আৰু ভাইৰাছবোৰে লিভাৰৰ কার্যকাৰিতা ব্যাহত কৰিলে স্বাস্থ্যৰ মাৰাত্মক ক্ষতিৰ সম্ভাৱনীয়তাই দেখা দিব পাৰে। প্রতিদিনে হালধি খালে শৰীৰৰ পৰা বিশেষকৈ যকৃতক ডিটক্সাইফাই কৰিব পাৰে। কাৰ্কিউমিনে পিত্তথলীক উদ্দীপিত কৰে আৰু পিত্ত নিঃসৰণ কৰে, যাৰ ফলত লিভাৰ পৰিষ্কাৰ হয়।
৫. পাচনতন্ত্রক শক্তিশালী কৰে :
পাচনতন্ত্রৰ গেছ আৰু ফুলাভাবৰ পৰা মুক্তি দিয়াত হালধিয়ে সহায় কৰে। হালধিয়ে পিত্তৰ মুক্তিত সহায় কৰে। কাৰ্কিউমিনে আলচাৰ, অন্ত্রৰ ৰক্তপাত আৰু স্পেমছ প্রতিৰোধ কৰে। ই কোষ্ঠকাঠিন্যৰ নিৰাময়তো সহায় কৰিব পাৰে।