স্বাস্থ্য প্ৰতিবেদন:
তিতা কেৰেলা ক’ৰোনাৰ সময়ত যথেষ্ট উপকাৰী হ’ব পাৰে। ই ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে। কিছু লোকে আকৌ ইয়াৰ তিতা সোৱাদৰ কাৰণে ইয়াক খাবলৈ পছন্দ নকৰে।
কিন্তু সোৱাদত তিক্ত হ’লেও ই সকলো সময়তে স্বাস্থ্যৰ বাবে উপকাৰী। তিতা কেৰেলাই গাঁথিৰ বিষ, বমি ভাব, ডায়েৰিয়া আৰু মেদৰ পৰা মুক্তি দিয়ে। অৱশ্যে ঔষধি গুণেৰে পৰিপূর্ণ তিতা কেৰেলাৰ ৰস উলিয়ায়ো খাব পাৰে। কেৰেলাৰ ৰসে শৰীৰক ডিটক্স কৰে।
কেৰেলাত ফছফৰাছ থাকে যিয়ে কফ, কোষ্ঠকাঠিন্য আৰু পাচনজনিত ৰোগ দূৰ কৰে। তিতা কেৰেলাই হজম ভাল কৰে। ভোক লাগিলে কেৰেলা খাওক।
হাঁপানিৰ ৰোগীসকলৰ বাবে তিতা কেৰেলা অতি উপকাৰী। হাঁপানিত কেৰেলাৰ পাচলি খালে উপকাৰ পাব।
পেটত গেছ আৰু বদহজমৰ ক্ষেত্রত কেৰেলাৰ ৰস খাওক। কেৰেলাৰ ৰসে দীর্ঘকাল ধৰি এই ৰোগ নিৰাময় কৰিব পাৰে।
কেৰেলাৰ ৰস খালে লিভাৰ শক্তিশালী কৰে আৰু লিভাৰৰ সকলো সমস্যা দূৰ কৰে। জণ্ডিছত প্রতিদিনে এক গিলাচ কেৰেলাৰ ৰস খালে উপশম হয়।
তিতা কেৰেলাই ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়। তিতা কেৰেলা ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী।
তিতা কেৰেলাৰ ৰসে স্থূলতা বা মেদবহুলতা কমোৱাত যথেষ্ট সহায় কৰে। কেৰেলাত অতি কম কেলোৰি থাকে যাৰ ফলত কেলোৰি নিয়ন্ত্রণত থাকে আৰু ওজন বৃদ্ধি নকৰে। কেৰেলাৰ ৰস খালে শৰীৰক ডিটক্স কৰি তুলিব আৰু ওজন হ্রাস কৰে।