স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনাৰ দ্বিতীয় ঢৌত শোচনীয় অৱস্থা দেশৰ। নিৰন্তৰ বাঢ়িছে সংক্রমণ। এই আতঙ্কৰ মাজতেই পুনৰ বিশেষজ্ঞসকলে তৃতীয় ঢৌৰ আশঙ্কাৰ কথা কৈছে। আৰু এই তৃতীয় ঢৌত শিশুসকলো সংক্রমিত হ’ব পাৰে বুলি আশংকা কৰিছে গৱেষকসকলে।
উল্লেখ্য, মহাৰাষ্ট্রত এতিয়ালৈকে ০-১০ বছৰৰ ১ লাখ ৪৫ হাজাৰ ৯৩০ জন শিশু আক্রান্ত হৈছে। একে সময়তে মহাৰাষ্ট্রত ১১-২০ বছৰ বয়সৰ কৰোনা আক্রান্ত ৩ লাখ ২৯ হাজাৰ ৭০৯ জন কিশোৰ আৰু যুৱকক চিনাক্ত কৰা হৈছে।
ক’ৰোনাৰ প্রথম ঢৌত প্রবীণসকল বেছিকৈ আক্রান্ত হৈছিল। দ্বিতীয় ঢৌত যুৱকসকল বেছি আক্রান্ত হৈছে। এতিয়া গৱেষকসকলে কৈছে তৃতীয় ঢৌত সংক্রমণ বেছিকৈ বিয়পিব পাৰে শিশুসকলৰ মাজত। বিশেষজ্ঞসকলৰ মতে, শিশুসকলক সঠিক প্রটোকল মানি টীকা দিয়া হোৱা নাই।
বিশেষ কোনো ঔষধো আৱিষ্কাৰ হোৱা নাই। গৱেষকসকলে সেয়ে শিশুসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ কথা আগতীয়াকৈ কৈছে। চিকিৎসকসকলে কৈছে, শিশুসকলক ভিটামিন আৰু কেলচিয়াম খুৱাব পাৰে। সকলোতকৈ ডাঙৰ কথা ঘৰত কাৰোবাৰ উপসর্গ থাকিলে তেওঁৰ ওচৰৰ পৰা শিশুসকলক দূৰৈত ৰখা প্রয়োজন।
ইয়াৰ উপৰি শিশুসকলক ঠাণ্ডা বা পেটৰ সমস্যাৰ পৰা ৰক্ষা কৰিব লাগিব। সেয়ে শিশুসকলক বেছি ঠাণ্ডা পানী বা তেলত ভজা জাতীয় খাদ্যৰ পৰা দূৰৈত ৰাখিব লাগিব। প্রয়োজনত দাইল, সেউজীয়া শাক-পাচলি আৰু সতেজ ফল বেছিকৈ খাবলৈ দিয়া উচিত।
শিশুৰোগ বিশেষজ্ঞসকলৰ মতে, শিশুসকলৰ ডায়েৰিয়া, চর্দি–কাহ, শ্বাসকষ্ট, ক্লান্তিভাব থাকিলে অৱহেলা কৰা উচিত নহয়। লগতে বাহিৰৰ পৰা অহা লোকসকলৰ সংস্পর্শলৈ শিশুসকলক অনা উচিত নহয়। কোনো অনুষ্ঠান বা বজাৰলৈ শিশুসকলক লৈ যোৱা উচিত নহয়।
ঘৰত কোনোবা অসুস্থ থাকিলে শিশুসকলে মাস্ক পিন্ধাটো জৰুৰী। অন্য শিশুসকলৰ সৈতেও বৰ্তমান লগ হ’বলৈ দিয়া উচিত নহয়। সকলোতকৈ ডাঙৰ কথা, শিশুসকলক সুস্থ কৰি ৰাখিব লাগিব।