ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ চাহ শ্ৰমিকসকলক আগন্তুক দুৰ্গা পূজাত ২০ শতাংশ বানচেই প্ৰদান কৰা হ’ব বুলি বৃহস্পতিবাৰে অসম চৰকাৰে ঘোষণা কৰে।
অৱশ্যে অসম চাহ নিগম (সীমিত)ৰ অধীনস্থ বাগিচাৰ শ্ৰমিকসকলেহে উক্ত ২০ শতাংশ বানচ লাভ কৰিব।
উল্লেখ্য যে বাগিচাসমূহৰ লোকচানৰ গইনাৰে এইবাৰ দুৰ্গাপূজাত চাহ শ্ৰমিকে ২০ শতাংশ বানচ লাভ নকৰিব বুলি প্ৰকাশ পোৱাতে ৰাজ্যৰ বাগিচাসমূহত ক্ষোভৰ উদগীৰণ হৈছিল।