ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। শুকুৰবাৰে এই পত্ৰখনৰ প্ৰতিলিপি সংবাদ মাধ্যমৰ হাতত পৰেহি। ইয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীজনে আৰম্ভণিতেই কয় যে প্ৰকাশিত এনআৰচিখনক লৈ অসমৰ সৰ্বস্তৰৰ লোক সুখী নহয়।
তেওঁ কয়, ‘খচৰা এনআৰচিত ৪০ লাখ লোকৰ নাম বাদ পৰিছিল। সেই সময়ত বহু প্ৰকৃত ভাৰতীয় লোকৰ নাম বাদ পৰা বুলি চৰ্চিত হৈছিল। ইয়াৰ পাছত এনআৰচি কৰ্তৃপক্ষই সাৱধানতা অৱলম্বন কৰিব বুলি আশা কৰা হৈছিল। বিপৰীতে চূড়ান্ত এনআৰচিখন ক্ৰুটিহীন হোৱাৰ সলনি বহু লোকৰ নাম বাদহে পৰিল।’ প্ৰকাশিত এনআৰচিখনক ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অগ্ৰাহ্য কৰাৰ কথা গগৈয়ে পত্ৰখনত উল্লেখ কৰে।
ইফালে বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰবীশ কুমাৰে এআৰচিখনক সমৰ্থন জনোৱাটোত গগৈয়ে আশ্চৰ্য প্ৰকাশ কৰে। ইয়াত তৰুণ গগৈয়ে স্পষ্টকৈ কয় যে ক্ৰুটিপূৰ্ণ এনআৰচিৰ বাবে ৰাজ্য চৰকাৰখনে উচ্চতম ন্যায়ালয়কে দোষাৰোপ কৰিছে। সেয়েহে গগৈয়ে পত্ৰখনৰ জৰিয়তে মুখ্য ন্যায়াধীশজনৰপৰা সঠিক ন্যায় আশা কৰে। প্ৰসংগক্ৰমে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ আৰু প্ৰত্যক্ষ তত্বাৱধানত অসমত এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াটো সমাধান হৈছিল।