ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আহ্বান জনোৱা বাৰ ঘন্টীয়া অসম বন্ধৰ সময়ত উতপ্ত পৰিস্থিতি সৃষ্টি হয়। বন্ধৰ মাজতে আজি বহু চৰ্চিত জুবিনৰ বোলছবি “কাঞ্চনজংঘা” ৰ শুভ মুক্তি লাভ কৰে।
একাংশ বন্ধ সৰ্মথকে শ্বহামৰ ছবি গৃহ বন্ধ কৰাৰ চেষ্টা কৰা সময়তে শ্বহামৰ সন্মুখত এক উতপ্ত পৰিস্থিতি সৃষ্টি হয়। অৱশ্যে পৰিস্থিতি অধিক অবনতি ঘটাৰ পূৰ্বে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সতে একাংশ বন্ধ সৰ্মথকৰ মাজত খণ্ড যুদ্ধৰ সূত্ৰপাত হয়। আৰক্ষীয়ে চিনেমা বন্ধ কৰিবলৈ যোৱা কেইবাজনকো গ্ৰেপ্তাৰ কৰে।

কটকটীয়া নিৰাপত্তাৰ মাজতে আজি কাঞ্চনজংঘাৰ ডিব্ৰুগড়ৰ ছবিগৃহটো মুক্তি লাভ কৰে। ডিব্ৰুগড় শ্বহামৰ গেলৰীয়া হলত পাঁচটা দৰ্শনী হ’ব। ইপিনে বন্ধৰ প্ৰভাৱ ডিব্ৰুগড়ত মিশ্ৰিত প্ৰভাব পৰা পৰিলক্ষিত হোৱা লগতে বন্ধ সমৰ্থক আৰু একাংশ ব্যৱসায়ীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
বন্ধৰ ফলত চহৰখনৰ স্বাভাৱিক জীৱন যাত্ৰা আংশিকভাৱে ব্যাহত হৈ পৰে। বন্ধ ফলত চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হোৱা লগতে একাংশ বন্ধ সমৰ্থকে টায়াৰ জ্বলাই পৰিৱেশ উত্তাল কৰি তোলে। সমগ্ৰ চহৰখনতে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে।













