ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে মুখামুখী সংঘৰ্ষ ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱতি নিশা হোৱা উক্ত সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হৈছে বুলি জানিব পৰা গৈছে ৷
কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালৰ নেতৃত্বত অসম ৰাইফলচৰ জোৱান আৰু আৰক্ষীৰ সৈতে ধনশিৰিৰ মিচিবাইলুঙত হৈছিল উক্ত মুখামুখী সংঘৰ্ষ ৷ নিহত উগ্ৰপন্থী সদস্য সকলৰ মৃতদেহ এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই ৷ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৪ টা Ak47 ৰাইফল আৰু কেইবাটাও লঘু মৰণাস্ত্ৰৰ লগতে কেইবাজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷
উল্লেখযোগ্যযে, যোৱা ১৯ মেত ধনশিৰিৰ দাউজিফাঙত অচিনাক্ত দূৰ্বৃত্তৰ গুলীত সঞ্জয় ৰংহাঙ নামৰ এজন পুৰোহিত নিহত হৈছিল ৷ তেতিয়াৰ পৰাই সৰৱ হৈ পৰিছিল কাৰবি আংলং আৰক্ষী ৷ নৱনিযুক্ত কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত সীমামূৰীয়া এলেকাটোত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে চলিছিল নিৰন্তৰ এলানি অভিযান ৷
শেহতীয়াকৈ জানিব পৰা অনুসৰি ধনশিৰি মিচিবাইলুঙত ডিএনএলএৰ সেনা- আৰক্ষীৰে মুখামুখী সংঘৰ্ষত ডিএনএৰ কেডাৰৰ মৃত্যু সংখ্যা ৮ লৈ বৃদ্ধি হৈছে ৷ ইয়াৰে ৬ জনক চিনাক্ত কৰা হৈছে ৷ নিহত কেডাৰ কেইজন ক্ৰমে, অমৰজিৎ ওৰফে ৰন্দীৰ নিকেন ওৰফে দনখান,তামিলওৰফে ৰিংচা একচন, বেলমিট আৰু প্ৰিতম বুলি জানিব পৰা গৈছে৷