![]()
নিউজ ডেস্কঃ
আৰটি পিচিআৰ ৰিপোর্টৰ বাবে আৰু দিনৰ পিছত দিন অপেক্ষা কৰিব নালাগে। টেষ্ট কৰাবৰ বাবে দুর্বল শৰীৰ লৈ দীঘলীয়া শাৰীত থিয় হৈও থাকিব নালাগে। এক মুহূতর্তে গা শুঙিয়ে কুকুৰে জনাই দিব আপুনি কোভিড আক্রান্ত হয়নে নহয়! অবাক হৈছে? লণ্ডন স্কুল অব ট্রপিকেল মেডিচিনৰ জীৱবিজ্ঞানীসকলে বহু কেইটা গৱেষণাৰ পিছত দাবী কৰিছে যে ৮২-৯৪ শতাংশ ক্ষেত্রত কুকুৰে কোভিড চিনাক্ত কৰিবলৈ সক্ষম। যোৱা বছৰৰ পৰা ইংলেণ্ডত ৬টা কুকুৰক তেওঁলোকে প্রশিক্ষণ দিছে। তাৰ পিছত ২০০ জন মানুহে নিয়মিত ব্যৱহাৰ কৰা মোজা ওলোমাই দিয়ে কুকুৰৰ সন্মুখত। মুহূর্তৰ ভিতৰতে মোজা শুঙিয়েই কোভিড আক্রান্তসকলক চিনাক্ত কৰে এই ছয়টা কুকুৰে।
বিজ্ঞানীসকলে জনাইছে, কেন্সাৰ, মেলেৰিয়াৰ দৰে ৰোগ আগতেও চিনাক্ত কৰিছে কুকুৰে। সঠিকভাৱে প্রশিক্ষণ পালে আগন্তুক দিনত সুবিধা পাব বহু মানুহে। কাৰণ বেছিভাগ ক্ষেত্রতেই আৰটি পিচিআৰ ৰিপোর্টৰ বাবে বহুদিন অপেক্ষা কৰিবলগা হয়। মুহূর্তৰ ভিতৰতে কোভিড আক্রান্ত হয়নে নহয় জনাৰ পিছত চিকিৎসাও আৰম্ভ হ’ব। তাৰ উপৰি বিজ্ঞানীসকলে দাবী কৰিছে যে বিমানবন্দৰত ইমান মানুহ অহা-যোৱা কৰে, বহুতেই ৰিপোর্টৰ বাবে অপেক্ষা কৰিবলগা হয়। কুকুৰৰ সহায়ত পৰীক্ষা কৰালে মানুহৰ সময় বহুখিনি বাচিব। সেয়ে কুকুৰৰ তীক্ষ্ণ ঘ্রাণশক্তিৰ ওপৰত আৰু এবাৰ ভৰসা ৰখাৰ আবেদন জনাইছে তেওঁলোকে।










