![]()
নিউজ ডেস্কঃ
গঙ্গাৰ পাৰত বালিত মৃতদেহ কবৰ দিয়া আৰু বহু মৃতদেহ গঙ্গাত উটুৱাই দিয়াৰ ছবি দেখাৰ পিছত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰ। কেইবাটাও ভিডিও বিয়পি পৰিছে ইণ্টাৰনেটৰ মাধ্যমত৷ তাত দেখা গৈছে প্রয়াগৰাজৰ সঙ্গম এলেকাত বৰষুণৰ ফলত মৃতদেহৰ ওপৰত দিয়া কাপোৰ ওলাই পৰিছে। কেইবাশ মৃতদেহ কবৰ দিয়াৰ পিছত সেই কবৰ বাঁহৰ খুঁটিৰে পৃথক কৰি দিয়া হয়। ওপৰত দিয়া হয় গেৰুৱা কাপোৰ।
উক্ত ছবি প্ৰকাশ পোৱাৰ লগে লগে ওচৰৰ অঞ্চলৰ বাসিন্দাসকলৰ মাজত আতঙ্কৰ সৃষ্টি হয়। বহুতে অভিযোগ কৰে, কুকুৰে কবৰ খান্দিছে। বৰষুণৰ কাৰণে সেই কাপোৰ আঁতৰি যোৱাৰ লগে লগে মৃতদেহবোৰ ওলাই পৰে। প্রয়াগৰাজ পৌৰসভাই ইতিমধ্যে সঙ্গম এলেকাত গঙ্গাৰ পাৰত এটি দল মোতায়েন কৰিছে। বালিত কবৰ দিয়া মৃতদেহৰ সীমা নির্ধাৰণৰ বাবে ব্যৱহৃত বাঁহৰ লাঠিবোৰ আঁতৰাই পেলোৱা হৈছে।
পৌৰসভাৰ কর্মচাৰীসকলে প্রয়াগৰাজৰ শ্মশান ঘাটত পুনৰায় বালিৰে মৃতদেহবোৰ ঢাকি দিয়ে। যিসকলৰ মৃতদেহ কবৰ দিয়াৰ প্রথা আছে, তেওঁলোকক পৃথকে পৃথকে স্থান দিয়া হৈছে। ইয়াৰ উপৰি গঙ্গাৰ পাৰত মৃতদেহ কবৰ দিয়া ৰুধিবলৈ শ্মশানত দাহ কৰাৰ বাবে পর্যাপ্ত কাঠৰ ব্যৱস্থাও কৰা হৈছে।










