![]()
নিউজ ডেস্কঃ
চৌডি হজ কর্তৃপক্ষই আসন্ন হজৰ বাবে বহু কেইটা পৰামৰ্শত অনুমোদন কৰিছে, যাৰ ভিতৰত সর্বাধিক উল্লেখযোগ্য হৈছে স্বাস্থ্য বিধি আৰু সতর্কতামূলক ব্যৱস্থাবোৰ।
চৌডি গেজেটৰ সূত্ৰত মঙলবাৰে হজ কর্তৃপক্ষই কয়, এই প্রটোকলবোৰ আৰু পবিত্র স্থানবোৰত হজযাত্রীৰ সংখ্যা, তম্বুৰ ক্ষেত্র, সুযোগ-সুবিধা আৰু উপযোগী অনুপাতত ব্যৱস্থাবোৰ বাস্তৱায়নৰ সম্ভাৱনা নির্ণয় কৰা হৈছে আৰু শীৰ্ষ হজ কমিটিৰ সিদ্ধান্তবোৰ সংশ্লিষ্ট কর্তৃপক্ষ আৰু সংস্থাবোৰৰ ওচৰত উল্লেখ কৰা হৈছে।
প্রটোকলবোৰৰ ভিতৰত হজ ক্ষেত্ৰত প্ৰৱেশৰ পূৰ্বে চর্ত পূৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে, যাৰ ভিতৰত অনুমোদিত বয়স, স্বাস্থ্যকৰ অৱস্থা আৰু দীর্ঘস্থায়ী ৰোগৰ পৰা মুক্ত প্রার্থীসকল অন্তর্ভুক্ত আছে। হজযাত্ৰীসকলে নিশ্চিত কৰিব লাগিব যে তেওঁলোকে বিগত ছয় মাহ ধৰি ৰেনেল ডায়েলাইছিছ কৰা নাই বা হস্পিটেলত দীর্ঘস্থায়ী ৰোগত আক্রান্ত হৈ ভর্তি হোৱা নাই।
হজ অঞ্চললৈ যোৱাৰ পূৰ্বে হাজীসকলে এন্টি-কোভিড-১৯ টীকা ল’ব লাগিব। বিদেশৰ পৰা অহা ব্যক্তিসকলৰ ক্ষেত্রত, হাজীসকলে চৌডি আৰবত অনুমোদিত ভেকচিনবোৰৰ সম্পূর্ণ পালি লোৱাটো বাধ্যতামূলক। আনহাতে, হাজীসকলে নিজ নিজ দেশৰ চৰকাৰী স্বাস্থ্য কর্তৃপক্ষৰ দ্বাৰা সত্যায়িত কোভিডৰ পিচিআৰ পৰীক্ষাৰ নেগেটিভ ৰিপোৰ্ট দাখিল কৰিব লাগিব।
দেশীয় হাজীসকলে চৌডি অনুমোদিত ভেকচিনৰ অতিকমেও এটি পালি ৬-৮ সপ্তাহ পূৰ্বে গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰি হজ অঞ্চললৈ যোৱাৰ অতিকমেও দুই সপ্তাহৰ ভিতৰত হজযাত্রীসকলে দ্বিতীয় পালি গ্রহণ কৰিব লাগিব।










