![]()
নিউজ ডেস্কঃ
অতিমাৰি পৰিস্থিতিত এলোপেথিক ঔষধক লৈ বিতর্কিত মন্তব্যৰ বাবে ৰামদেৱৰ বিৰুদ্ধে এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ তৰিলে ইণ্ডিয়ান মেডিকেল এছোচিয়েচন (আইএমএ)ৰ উত্তৰাখণ্ড শাখাই। যোগগুৰুজনলৈ পঠোৱা জাননীত আইএমএ-ই জনাইছে, ভিডিও বার্তাত এলোপেথিক ঔষধ সন্দৰ্ভত নিজৰ বিবৃতি সলনি কৰিব লাগিব আৰু তেওঁ ক্ষমা বিচাৰিব লাগিব। তাৰ বাবে তেওঁক ১৫ দিনৰ সময় দিয়া হৈছে। ৰামদেৱে ক্ষমা নিবিচাৰিলে এক হাজাৰ কোটি টকা দাবী কৰা হ’ব বুলি জনাইছে আইএমএফে।
কেৱল সেয়াই নহয়, উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী তিৰথ সিং ৰাৱাতকো ৰামদেৱৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে।
উল্লেখ্য, সম্প্রতি এক ভিডিওত ৰামদেৱে কোৱা শুনা গৈছিল, ‘‘চিকিৎসা বা অক্সিজেন নোপোৱাকো যিমান মানুহৰ মৃত্যু হৈছে তাতকৈ বহু বেছি মানুহৰ মৃত্যু হৈছে এলোপেথিক ঔষধ খায়। এলোপেথি এক দেউলিয়া হৈ যোৱা বিজ্ঞান।’’ এই বক্তব্য নেট মাধ্যমত বিয়পি পৰাৰ লগে লগেই দেশজুৰি সমালোচনা আৰম্ভ হৈ যায়। ৰামদেৱৰ উদ্দেশ্যে পত্ৰ লিখে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনেও। তেওঁ লিখিছে, ‘আপোনাৰ মন্তব্যত দেশবাসী আহত হৈছে। ফোনত এই কথা আপোনাক জনোৱা হৈছে। চিকিৎসক আৰু স্বাস্থ্যকর্মীসকল দেশবাসীৰ বাবে ঈশ্বৰৰ দৰে। তেওঁলোকে প্রাণৰ সংশয় লৈ কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিছে৷’










