নিউজ ডেস্কঃ
সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে মানুহৰ মানসিকতাও। কিন্তু যিসময়ত পৰিচালক অনুৰাগ বসুই ‘মার্ডাৰ’ ছবি নিৰ্মাণ কৰিছিল, তেতিয়াও দর্শক একান্ত ঘনিষ্ঠ দৃশ্যত সিমানখিনি অভ্যস্ত নাছিল। আৰু সেয়ে মল্লিকা শ্বেৰাৱাটক ‘পতিতা নাৰী’ও বোলা হৈছিল। সম্প্রতি এক সাক্ষাৎকাৰত সেই সময়ৰ স্মৃতিচাৰণ কৰিবলৈ গৈ এই কথা জনায় অভিনেত্রীগৰাকীয়ে।
২০০৩ চনত ‘খোৱাইশ’ ছবিত অভিনয় কৰি জনপ্রিয়তা অর্জন কৰিছিল মল্লিকাই। তাৰ পিছৰ বছৰ অনুৰাগ বসুৰ ‘মার্ডাৰ’ত অভিনয় কৰাৰ পিছৰ পৰাই আলোচনা আৰু সমালোচনাৰ কেন্দ্র হৈ পৰে অভিনেত্ৰীগৰাকী। তাৰ অন্যতম কাৰণ, একান্ত ঘনিষ্ঠ দৃশ্য। একবিংশ শতাব্দীৰ আৰম্ভণিৰ সময়ত যি ধৰণৰ দৃশ্যত মানুহ অভ্যস্ত নাছিল, সেই দৃশ্যই দেখুৱাইছিল পৰিচালক অনুৰাগ বসুই।
কিন্তু সেই সময়ৰ কথা ওলালেই মল্লিকাৰ মনত পৰে, তেওঁক নৈতিকতাৰ দোহাই দি মানসিকভাবে হত্যা কৰা হৈছিল তেতিয়া। কেৱল সেয়াই নহয়, অভিনেত্রীগৰাকীয়ে জনায় যে সেই দৃশ্যবোৰত অভিনয় কৰি সমাজৰ চকুত তেওঁ ‘পতিতা’ হিচাবে পৰিচয় পাইছিল। অথচ এতিয়া সেই দৃশ্যবোৰ সকলোৰে বাবে তেনেই স্বাভাৱিক।
মল্লিকাই কয়, ‘‘মোৰ এতিয়াও অনুভৱ হয়, ১৯৫০ বা ’৬০ৰ দশকৰ নায়িকাসকলে বহু ভাল সুযোগ পাইছে। যি চৰিত্র পাইছিল, তাতে অভিনয় কৰাৰ স্থান আছিল। কিন্তু এতিয়া সেইটো নহয়।’’ আৰু সেয়ে তেৱোঁ ইমান বছৰ অপেক্ষা কৰিছে ভাল কাম পোৱাৰ বাবে। তেনে ধৰণৰ উপযুক্ত সুযোগ নাহিলে কাম কৰিবলৈ ৰাজী নহৈছিল।