নিউজ ডেক্স:
ডিব্ৰুগড়ৰৰ খনিয়া গাওত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১০ লক্ষাধিক টকাৰ বিদেশী সুৰা জব্দ কৰাৰ লগতে ধৰণী শইকীয়া নামৰ এজন ব্যক্তিক আটক কৰিছে।
ডিব্ৰুগড় সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীব শইকীয়া,নগৰ পৰিদৰ্শক অৰ্জুন সিং,যান বাহন আৰক্ষী বিষয়া দীপজ্যোতি দাধৰা,মিলন নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়সহ এক বৃহৎ দলে যোৱা নিশা প্ৰায় ৯ বজাত খনিয়া গাঁওৰ ধৰণী শইকীয়াৰ ঘৰত অৰ্তকিতে অভিযান চলাই ৪৬ কাৰ্টুন বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
ডিব্ৰুগড় আৰক্ষীৰ এনে ধাৰাবাহিক ড্ৰাগছ,অবৈধ সুৰাৰ বিৰুদ্ধে উৎখাত অভিযান অব্যাহত ৰখাত সাধাৰণ নাগৰিকে সস্তিৰ নি:স্বাস পেলাইছে।ক’ৰোনা লক ডাউনৰ সময়ত দিনৰ ১১ বজাতে সুৰাৰ বিপনী বন্ধ হোৱাৰ বাবে একাংশ অসাধু ব্যৱসায়ীয়ে নিজ গৃহতে বিশাল পৰিমানৰ বিদেশী সুৰা অবৈধভাবে মজুত কৰি বহু মুনাফাৰে ধন ঘটি আহিছিল।