ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ চমুকৈ এএআয়ে ইয়াৰ দুটা কনফাৰেঞ্চ হলৰ নাম ৰাজ্যৰ দুগৰাকী মণিষীৰ নামেৰে নামাংকৃত কৰিবলৈ আগবাঢ়িছে। সেই অনুসৰি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰস্থিত ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক মুখ্য কাৰ্যালয়ৰ কনফাৰেঞ্চ হলটো ভূপেন হাজৰিকা কনফাৰেঞ্চ হল হিচাপে নামকৰণ কৰা হ’ব। ৮ ছেপ্টেম্বৰত সুধাকণ্ঠৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি দেওবাৰেই হলটো উক্ত নামেৰে নামকৰণ কৰিব। সমান্তৰালভাৱে ইয়াৰ পুৰণি কনফাৰেঞ্চ হলটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কনফাৰেঞ্চ হল হিচাপে নামকৰণ কৰা হ’ব।