ASSAM TIMES POST
গুৱাহাটীঃ গত ৩১ আগষ্টত যোৰহাটৰ টিয়ক চাহ বাগিচাৰ হাস্পতালত শ্ৰমিকৰ বৰ্বৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লোৱা হাস্পতালখনৰ ডাক্তৰ দেৱেন দত্তৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ অসম চৰকাৰে শনিবাৰে এখন এজনীয়া তদন্ত কমিটি গঠন কৰে।
কমিটিখনৰ নেতৃত্ব লৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত আৰু সচিব শ্যাম জগ্গনাথনে। এই সমিতিখনে এমাহৰ ভিতৰত অনুসন্ধান প্ৰতিবেদন দাখিল কৰিব বুলি এক সংবাদ বিজ্ঞপ্তিত প্ৰকাশ।













