ASSAM TIMES POST
গুৱাহাটীঃ
সমগ্র দেশজুৰি পালন কৰা ‘স্বচ্চতা পষেক’ উপলক্ষে আজি সপ্তম দিনা মাজুলী জিলাৰ চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচী পালন কৰা।
পুৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰায় এঘন্টা ধৰি বালিচাপৰি তিনিআলিত স্বচ্চতা কাৰ্য্যসূচী ৰুপায়ন কৰা হয়।উক্ত অনুষ্ঠানত স্থানীয় শিক্ষাবিদদ্বয় পুতুল মহন্ত আৰু তৰুন মহন্ত, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰানু দাস, চি.আৰ.চি.চি ৰুপজ্যোতি শইকীয়া, সমাজকৰ্মী বুধিন শইকীয়া আৰু গোপাল শইকীয়া , বিদ্যালয়ৰ ৰান্ধনী কৰ্মীদ্বয় মৃনালী হাজৰিকা আৰু নিজু শইকীয়া, অগংনবাদী কৰ্মীদ্বয় কুসুম হাজৰিকা আৰু বন্তি বৰা উপস্থিত থাকে।
স্বচ্চতা কাৰ্যসূচী শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ পুতুল মহন্ত দেৱে। পৰবৰ্তী সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে বিদ্যালয়ৰ সহ:শিক্ষয়িত্ৰী তথা জনপ্ৰিয় কুইজ মাষ্টাৰ জোনমনি দেৱী ভাগৱতীয়ে। উক্ত অনুষ্ঠানতেই বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা যুৱলেখক জিতুল বৰাক যোৱা ৫ ছেপ্টেম্বৰত এই বৰ্ষৰ ‘গৌৰৱ বঁটা’ লাভ কৰাৰ বাবে উষ্ম আদৰণি জনোৱা হয়।













