ASSAM TIMES POST
গুৱাহাটীঃ নতুন দিল্লীত শুকুৰবাৰে অনুষ্ঠিত স্বচ্ছ মহোৎসৱ-২০১৯ত শক্তিপীঠ কামাখ্যা মন্দিৰে তৃতীয় স্বচ্ছ পূণ্য স্থানৰ বঁটা লাভ কৰে।
স্বচ্ছ ভাৰত অভিযানৰ অধীনত প্ৰথম পৰ্যায়ৰ এই শিতানত লাভ কৰা বঁটাটো মন্দিৰৰ হৈ গ্ৰহণ কৰে ইয়াৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই।
ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ উপস্থিত থকা উক্ত অনুষ্ঠানত দলৈ শৰ্মাক এই বঁটাটো প্ৰদান কৰে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে।
উল্লেখ্য ইয়াত প্ৰথম স্থান লাভ কৰিছে জম্মু-কাশ্মীৰৰ বৈষ্ণুদেৱী মন্দিৰে।













