ASSAM TIMES POST
গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ৰ অৱতৰণ প্ৰত্যক্ষ কৰিবলৈ পাই আনন্দত বিভোৰ হৈ পৰিছে যোৰহাটৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দেৱলিনা হাজৰিকা।
বিশেষকৈ চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ উক্ত অভিযানৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ পাছতো প্ৰধানমন্ত্ৰীজনে কেনেদৰে সহজ হৈ আছিল, সেই কথাকে ব্যক্ত কৰিছে ছাত্ৰীগৰাকীয়ে।
সংবাদ মাধ্যমত দেৱলিনাই কিছু সময়ৰ পূৰ্বৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে বিফল হোৱাৰ সময়তো কিদৰে সহজ হৈ উদ্যম হেৰুৱাই দিব নালাগে, সেয়া তেওঁ প্ৰধানমন্ত্ৰীজনৰপৰাই শিকিলে।
তেওঁ আৰু কয় যে ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ গতিবিধি অতি সহজভাৱেই পৰ্যবেক্ষণ কৰি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি উপস্থিত সকলো অভিভূত হৈ পৰিছিল। অভিযানটো সফলকাম নোহোৱা সত্বেও প্ৰধানমন্ত্ৰীৰ মুখমণ্ডলত হতাশাৰ চিন দেখা পোৱা নগৈছিল বুলি তেওঁ কয়।
উল্লেখ্য দেৱলিনা হাজৰিকা যোৰহাটৰ ভাৰতীয় বায়ু সেনা ঘাটিস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী। উক্ত কাৰ্যক্ৰম প্ৰত্যক্ষ কৰিবলৈ তেওঁকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছিল।