![]()
নিউজ ডেস্কঃ
কৰোনাত অনাথ হোৱা শিশুসকলৰ চোৱাচিতাৰ বিস্তাৰিত ৰিপোর্ট বিচাৰিলে শীর্ষ আদালতে। উল্লেখ্য, কোভিডত যিসকল শিশু অভিভাৱকহীন হৈছে, তেওঁলোকৰ চোৱাচিতাৰ বাবে ‘পিএম কেয়াৰ্ছ ফৰ চিলড্রেন’ প্রকল্পৰ ঘোষণা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। এইবাৰ উক্ত প্রকল্পৰেই বিস্তাৰিত তথ্য কেন্দ্রৰ পৰা খুজি পঠালে ছুপ্রিম কোর্টে। অহা সোমবাৰৰ ভিতৰত বিস্তাৰিত ৰিপোর্ট জমা দিবলৈ কোৱা হৈছে।
নৰেন্দ্র মোদীয়ে কৰোনাৰ ফলত অনাথ হোৱা শিশুসকলৰ বাবে এই প্রকল্প ঘোষণা কৰাৰ পিছতেই শীর্ষ আদালতত এই প্রকল্পৰ বিস্তাৰিত তথ্য জানিবলৈ বিচাৰি আবেদন কৰে আদালতৰ নিৰপেক্ষ প্রতিনিধি অৰ্থাৎ এমিকাছে। মঙ্গলবাৰে আদালতৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বর্য্য ভাটিক প্রকল্পৰ সুবিধা কোনে পাব, কেনেদৰে সমগ্ৰ বিষয়টোৰ ওপৰত পৰ্যবেক্ষণ কৰা হ’ব, সেই সংক্রান্তীয় যাৱতীয় নথি জমা দিয়াৰ নির্দেশ দিয়া হয়। শীর্ষ আদালতে কৈছে, ‘এমিকাছে তেওঁৰ আবেদনত জনাইছে যে পিএম কেয়াৰ্ছ ফৰ চিলড্রেন প্রকল্পৰ তথ্য অনুযায়ী যিবোৰ শিশুই কৰোনা সংক্রমণত নিজৰ পিতৃ-মাতৃক হেৰুৱাইছে, তেওঁলোকে এই কেন্দ্রীয় প্রকল্পৰ সুবিধা পাব। এই প্রকল্পৰ ঘোষণা কৰা হ’লেও প্রেছ বিজ্ঞপ্তিৰ বাহিৰে বাকী একো তথ্যই জনা নাই।’
গোচৰৰ শুনানিত ন্যায়াধীশ নাগেশ্বৰ ৰাও আৰু অনিৰুদ্ধ বসুৰ খণ্ড বিচাৰপীঠে জনায় যে এই প্রকল্পৰ অধীনত শিশুসকলৰ পঢ়া-শুনাৰ খৰচ কেন্দ্রই বহন কৰিব বুলি জনাইছে। কিন্তু কিমানজন শিশুই এই প্রকল্পৰ সুবিধা পাব আৰু কেন্দ্রীয় চৰকাৰে কেনেদৰে এই প্রকল্প ৰূপায়ণ কৰিব, তাক লৈ কোনো সুস্পষ্ট ধাৰণা নাই।













