![]()
নিউজ ডেস্কঃ
অসমৰ চিকিৎসক নিগ্ৰহৰ ঘটনাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই এইবাৰ কর্নাটকত চিকিৎসকক মাৰধৰ কৰাৰ অভিযোগ উঠিল ৰোগীৰ আত্মীয়ৰ বিৰুদ্ধে। এই ঘটনাত ৪ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ দাখিল কৰা হৈছে।
ঘটনাটি ঘটিছে কর্নাটকৰ চিকমাগালুৰ জিলাৰ তাৰিকেৰে চহৰত। জিলাখনৰ আৰক্ষী অধীক্ষক এমএইচ অক্ষয়ে কয়, ‘‘ভুবন নামৰ ৬ বছৰীয়া এটি শিশুৰ চিকিৎসা কৰিছিল দীপক নামৰ এজন চিকিৎসকে। শিশুটিৰ ডেঙ্গি হৈছিল। শিশুটিৰ অৱস্থা শোচনীয় হোৱাত তেওঁক শিবমোগাৰ এখন হস্পিটেললৈ স্থানান্তৰিত কৰা হয়। তাতেই মৃত্যু হয় তেওঁৰ। তাৰ পিছতেই চিকিৎসকক মাৰধৰ কৰে শিশুটিৰ পৰিয়ালৰ লোকসকলে। এই ঘটনাত ৪ জনক গ্রেপ্তাৰ কৰা হৈছে।’’ এই মুহূর্তত গুৰুতৰভাৱে আহত অৱস্থাত শিবমোগাত চিকিৎসা চলিছে চিকিৎসকজনৰ।
উক্ত ঘটনাৰ পিছতেই কর্নাটকৰ ৰেছিডেন্ট ডক্টৰ্ছ এছোচিয়েচনে মুখ্যমন্ত্রী বি এছ য়েদুৰাপ্পালৈ পত্ৰ লিখে। পত্ৰত কোৱা হৈছে, ‘কর্নাটকৰ কোভিড পৰিস্থিতি মোকাবিলাত চিকিৎসকসকলে দিন-ৰাতি একাকাৰ কৰি পৰিশ্রম কৰিছে। কিন্তু এইটো দুর্ভাগ্যজনক যে, বিগত ৮-১০ মাহত চিকিৎসকসকলৰ ওপৰত আক্ৰমণৰ ১২টা ঘটনা নথিভুক্ত হৈছে। ইয়াৰ উপৰি আৰু বহু ঘটনা আছে, যিবোৰ নথিভুক্ত নহয়। এই ধৰণৰ আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে আমি পদক্ষেপ গ্ৰহণৰ আবেদন জনাইছো৷’
উল্লেখ্য, মঙ্গলবাৰে অসমৰ হোজাই জিলাৰ উদালিত এজন কৰোনা আক্রান্ত ৰোগীৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালৰ লোকসকলে এগৰাকী চিকিৎসকক বেয়াকৈ মাৰধৰ কৰে। উক্ত ঘটনাত ২৪ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্বাস্থ্যকর্মীসকলৰ বিৰুদ্ধে আক্ৰমণৰ ঘটনাত কঠোৰ আইন প্ৰণয়নৰ আবেদন জনাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ পত্ৰও লিখিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনেও।













