ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব মৃদুস্মিতা বৰদলৈ আৰু আইন সেৱা প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক ছাজিদুৰ ৰহমানৰ একান্ত প্ৰচেষ্টাত শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পিংকী কৰ্মকাৰ (৩৫) নামৰ এগৰাকী এমা ডিমা চাৰি সন্তানৰ মাতৃক এক নিৰাপদ আশ্ৰয় প্ৰদান কৰে। পিংকী কৰ্মকাৰে জনোৱা মতে তেওঁৰ পিতৃ ঘৈৰালি চাহ বাগিচাৰ ৫ নম্বৰ শ্ৰমিক লাইন নিবাসী মৃত নকুল ভূঞা আৰু মাতৃ মৃত ছুকমৈত ভূঞা।
সৰুতেই মাকৰ মৃত্যু হোৱাত পিতৃ নকুল ভূঞাই পিংকী কৰ্মকাৰক অনুমানিক ১২ বছৰ বয়সত নাগালেণ্ডৰ ডিমাপুৰত কোনোবা লোকক বিক্ৰী কৰি দিছিল।ডিমাপুৰত ৩ বছৰ থকাৰ পাছত তেওঁক গৃহস্থই লেংৰিজান চাহ বাগিচাৰ শ্ৰমিক ললিত কৰ্মকাৰৰ সৈতে বিয়া পতাই দিয়ে। ললিত কৰ্মকাৰৰ নিজা ঘৰ ৰঙাপৰা সমষ্টিৰ মনিজাৰনী গাঁৱত বুলি জানিব পৰা গৈছে।
নিজকে শোণিতপুৰ জিলাৰ বাসিন্দা বুলি পৰিচয় দিয়া ললিত কৰ্মকাৰে চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক ৰূপে কৰ্মৰত বুলি মহিলা গৰাকীয়ে অৱগত কৰে।কিন্তু আজিৰ পৰা ৩ মাহ মান আগতে ৪ সন্তানৰ মাতৃ পিংকী কৰ্মকাৰক তেওঁৰ স্বামী ললিত কৰ্মকাৰে মাৰ ধৰ কৰি ঘৰৰ পৰা খেদি দিয়ে। অসহায় ৪ সন্তানৰ মাতৃগৰাকীয়ে উপায়বিহীন হৈ উৱাদিহ নাপায় প্ৰায় তিনিমাহ মান আগত বাছত উঠি ৰঙাপৰাত উপস্থিত হয়।
ৰঙাপৰাত অনাই বনাই ঘুৰি ফুৰোঁতে অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটিৰ গৃহত উপস্থিত হয়।অসহায় মানুহ গৰাকী গৃহত দেখি সুনিল টুটিয়ে আটছাৰ ৰঙাপৰা উপ শাখাৰ সভাপতি চাখিৰাম তাঁতি আৰু সহ সম্পাদক শিৱ কৰ্মকাৰৰ আৰু চাহ মজদুৰ সংঘৰ গাননিক গজেন শইকীয়াক বিষয়টি দৃষ্টি গোচৰ কৰায়।
তেওঁলোকে ঘটনাটি সবিশেষ জানিব পাৰি ততাতৈয়াকৈ মহিলা গৰাকীক এটি আশ্ৰয় দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। তাৰ পাছত তেওঁলোকে স্থানীয় অৰ্ধ আইনী সহায়ক ছাহজাহান ছেলিম কুৰেছিৰ লগত যোগাযোগ কৰে। ছাহজাহান ছেলিম কুৰেছিয়ে চাহ মজদুৰ সংঘৰ কাৰ্যকৰ্তা আৰু মহিলাগৰাকীক লগতলৈ তেজপুৰস্হিত জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত উপস্থিত হোৱাত প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক ছাজিদুৰ ৰহমানে বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু শিশু কল্যাণ সমিতিৰ সেবক হৰ্সজ্যোতি ফুকনৰ সৈতে আলোচনা কৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ সহাঁৰি আঁচনিৰ অধীনত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰি দিয়ে। মহিলাগৰাকীক তেজপুৰ গোটলোং স্থিত জিপকো নামৰ আশ্ৰয় গৃহত থকাৰ সুব্যৱস্থা কৰি দিয়া হৈছে।













