![]()
নিউজ ডেস্কঃ
সন্ধানহীন নৱজ্যোৎ সিং সিদ্ধু ! মঙ্গলবাৰে এই পোষ্টাৰেৰে ভৰি পৰিছে তেওঁৰ বিধানসভা সমষ্টি অমৃতসৰ। যিয়ে সিদ্ধুৰ সন্ধান দিব পাৰিব, তেওঁক ৫০ হাজাৰ টকা পুৰস্কাৰ দিয়া হ’ব বুলিও জনোৱা হৈছে উক্ত পোষ্টাৰত।
জানিব পৰা মতে, উক্ত পোষ্টাৰ লগাইছে স্থানীয় এটি এনজিওই। তেওঁলোকৰ দাবী, নির্বাচনত জয়ী হোৱাৰ পিছৰ পৰাই অঞ্চলটোত দেখা পোৱা যোৱা নাই সিদ্ধুক। মানুহৰ উদ্দেশ্যে উন্নতিৰ যি প্রতিশ্রুতি তেওঁ দিছিল, তাৰ বিন্দুমাত্রও এতিয়াও দেখা পোৱা নাই। দীর্ঘদিন অঞ্চলটোত তেওঁক দেখা নাই সমষ্টিৰ মানুহে। ফলত নিজৰ অসুবিধাৰ কথা জনাব পৰা নাই।
অৱশ্যে সেয়া এয়াই প্রথম নহয়। ইয়াৰ আগতে দুবাৰ ভাৰতৰ প্রাক্তন ক্রিকেটাৰগৰাকীৰ নামত সন্ধানহীনৰ পোষ্টাৰ লাগিছিল। দুবছৰ পূৰ্বে সমগ্ৰ অমৃতসৰজুৰি সেই পোষ্টাৰ লগোৱাৰ আঁৰত দোষী সাব্যস্ত কৰিছিল শিৰোমণি আকালি দলৰ এজন নেতাক।













