ASSAM TIMES POST
নগাঁওঃ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আজি অনুষ্ঠিত নিৰ্বাচনত সাধাৰণ সম্পাদকসহ পাঁচটা পদত আছু’ৰ সমৰ্থিত প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে সভাপতি পদত এন এছ ইউ আইৰ প্ৰাৰ্থী বিজয়ী হয় ।
আছুৰ প্ৰাৰ্থী নিৰঞ্জন বৰা সাধাৰণ সম্পাদক , ৰাজ জিৎ দাস ক্ৰীড়া সম্পাদক , অনিন্দিতা ৰয় তৰ্ক বিভাগৰ সম্পাদক , ভানজ্যোতি গায়ন সমাজসেৱা সম্পাদক আৰু অংশুমান গোস্বামী সংগীত বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে ।
নিৰ্বাচিত কেইজনক আজি নগাঁও জিলা ছাত্ৰ সন্হাৰ কাৰ্যালয়ত আদৰনি জনোৱা হয় । আদৰনি অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰন্টু শৰ্মা , জিলা আছুৰ সভাপতি গৌৰীশংকৰ শইকীয়া , সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন উপস্হিত থাকে ।
ইফালে ছাত্ৰ একতা সভাৰ সভাপতি পদত এন এছ ইউ আইৰ প্ৰাৰ্থী অংগৰাগ শাণ্ডিল্য নিৰ্বাচিত হয় । তাৰ বিপৰীতে নিৰ্বাচনত এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ পদত প্ৰতিদণ্ডিতা কৰি মুখথেকেচা খায় ।













