![]()
নিউজ ডেস্কঃ
কোভিডৰ দ্বিতীয় ঢৌত সকলোতকৈ বেছি চিকিৎসকৰ মৃত্যু হৈছে দিল্লীত। বৃহস্পতিবাৰে এক বিবৃতি জাৰি কৰি এই কথা জনালে ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে (আইএমএ)। আনহাতে, কৰোনাৰ দ্বিতীয় ঢৌৰ ফলত এই পর্যন্ত দেশজুৰি ৬২৪ জন চিকিৎসকৰ মৃত্যু হৈছে। তাৰ ভিতৰত দিল্লীতে এই অতিমাৰিৰ বলি হৈছে ১০৯ জন চিকিৎসক।
অৱশ্যে চাৰি মাহ পূৰ্বে মহাৰাষ্ট্রত কোভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱা বুলি ধৰিলেও তাত মাত্র ২৩ জন চিকিৎসকৰ প্রাণ গৈছে।
চিকিৎসক মৃত্যুৰ তালিকাত দ্বিতীয় স্থানত আছে বিহাৰ (৯৬) আৰু তৃতীয় স্থানত যোগীৰাজ্য উত্তৰ প্ৰদেশ (৭৯)। ইয়াৰ পিছত ৰাজস্থানত মৃত্যু হৈছে ৩৯ জন, ঝাড়খণ্ডত ৩৪ জন আৰু বংগত কোভিডৰ দ্বিতীয় ঢৌত প্রাণ হেৰুৱাইছে ৩০ জন চিকিৎসকে।













