![]()
নিউজ ডেস্কঃ
কোভিডৰ ঔষধ ফেবিপিৰাভিৰ আৰু মেডিকেল অক্সিজেন বেআইনীভাবে কিনা, মজুত আৰু সৰবৰাহ কৰিছে প্রাক্তন ক্রিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰৰ সংস্থাই। বৃহস্পতিবাৰে দিল্লী হাইকোর্টত এই কথা জনাইছে ড্রাগ কন্ট্রোল অব ইণ্ডিয়াই(ডিচিজিআই)।
বৃহস্পতিবাৰে আদালতত জমা দিয়া ৰিপোর্টত জনাইছে যে বেআইনীভাবে ঔষধ মজুত কৰিছে গম্ভীৰৰ সংস্থাই। কেৱল সেয়াই নহয়, তেওঁৰ সংস্থাৰ কোনো ড্রাগ লাইচেন্স নাই। উক্ত ৰিপোর্টত আৰু কোৱা হৈছে, এই ধৰণৰ কাম কৰি ড্রাগছ এণ্ড কছমেটিক্স এক্ট ১৯৪০ক অমান্য কৰিছে গম্ভীৰে। যিটো ভাৰতীয় দণ্ডবিধিৰ ২৭ বি ৩, আৰু ২৭ ডি ধাৰাত শাস্তিযোগ্য অপৰাধ। গম্ভীৰৰ সংস্থাৰ বিৰুদ্ধে সোনকালে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও আদালতত জনাইছে ডিচিজিআইয়ে।
অক্সিজেন আৰু প্রতিষেধকৰ ঘাটিৰ ফলত কৰোনা পৰিস্থিতি চম্ভালাত য’ত ৰাজধানী দিল্লীৰ অৱস্থা শোচনীয় হৈছে, তেনে পৰিস্থিতিত বিজেপি সাংসদ তথা প্রাক্তন ভাৰতীয় ক্রিকেটাৰ গৌতম গম্ভীৰৰ বিৰুদ্ধে বেআইনিভাবে ফ্লু প্রতিৰোধী ‘ফেবিফ্লু’ ঔষধ মজুত কৰি ৰখাৰ অভিযোগ উঠে। মৃদু উপসর্গৰ কৰোনা ৰোগীসকলৰ চিকিৎসাত ‘ফেবিফ্লু’ ব্যৱহৃত হয়। নিজৰ সমষ্টিত উক্ত ঔষধেই বিনামূল্যে বিতৰণৰ কথা ঘোষণা কৰিছে গম্ভীৰে। তাতেই বিতর্ক আৰম্ভ হয়। ফলত গোচৰ গৈ আদালত পর্যন্ত পায়।













