![]()
নিউজ ডেস্কঃ
ক্ষমা বিচাৰিও পাৰ নাপালে যোগগুৰু বাবা ৰামদেৱে। এলোপেথি চিকিৎসা আৰু চিকিৎসকসকলক লৈ কৰা অসন্মানজনক মন্তব্যত যোগগুৰুজনলৈ চমন পঠালে দিল্লী হাইকোর্টে। সম্প্রতি ৰামদেৱৰ দুটা ভিডিও ভাইৰেল হয়, তাৰে এটাত তেওঁক কোৱা দেখা যায়, এলোপেথি ‘ষ্টুপিড ছায়েন্স’ বা বোকা বিজ্ঞান। কেৱল এলোপেথি ঔষধ খায়েই লাখ লাখ মানুহৰ কৰোনাত মৃত্যু হৈছে।
এই মন্তব্যক লৈ বিতর্কৰ জোৱাৰ উঠে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়েও হস্কক্ষেপ কৰাত বাধ্য হৈ ক্ষমা বিচাৰে ৰামদেৱে। কিন্তু তাতো এলোপেথিক লৈ কটাক্ষই আছিল তেওঁৰ। প্রশ্ন কৰে, এলোপেথি যদি ইমানেই ভাল হয় তেন্তে ইমান চিকিৎসক কৰোনাত মৰিছে কিয়।
ৰামদেৱে ইয়াকো কয়, তেওঁ কেৱল ৱাটছএপৰ পৰা প্রাপ্ত তথ্য শ্বেয়াৰ কৰিছিল। তেওঁ কয় যে তেওঁ উক্ত বক্তব্য উঠাই লৈছে আৰু ইয়াৰ বাবে ক্ষমাও বিচাৰিছে। তেওঁৰ অভিযোগ, ইয়াকে লৈ কিছু লোকে জুইত ঘিউ ঢলাৰ চেষ্টা কৰি আছে। তেওঁ জনায়, এলোপেথিৰ বিৰুদ্ধে কোনো বিদ্বেষ নাই তেওঁৰ। কিন্তু তাৰ লগতে আয়ুর্বেদকো সন্মান কৰা উচিত বুলি জনায়।













