![]()
নিউজ ডেস্কঃ
মধ্যপ্রদেশৰ ৬খন মেডিকেল কলেজৰ ৩ হাজাৰ কনিষ্ঠ চিকিৎসকে যোৱা সোমবাৰে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে ধর্মঘট পালন কৰে। তেওঁলোকৰ ১৭ শতাংশই বৃত্তি বৃদ্ধিৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু পৰিয়ালৰ সদস্যসকলৰ বিনামূল্যে চিকিৎসাৰ দাবীত সৰৱ হয়। উক্ত সকলো দাবী পূৰণ নকৰা পর্যন্ত তেওঁলোকৰ এই অৱস্থান চলাই যাব বুলি জনাইছিল জুনিয়ৰ চিকিৎসকসকলে।
কিন্তু বৃহস্পতিবাৰে মধ্যপ্রদেশ হাইকোর্টে তেওঁলোকৰ এই ধর্মঘটক ‘বেআইনী’ বুলি অভিহিত কৰি ২৪ ঘণ্টাৰ ভিতৰত কামলৈ উভতি অহাৰ নির্দেশ দিয়ে। মহামাৰিৰ সময়ত এনে ধৰণৰ সিদ্ধান্ত বাঞ্ছিত নহয় বুলি মন্তব্য কৰে প্রধান ন্যায়াধীশ মহম্মদ ৰফিক আহমেদ আৰু সুজয় পালে। ইয়াৰ পিছতেই পদত্যাগ কৰে তেওঁলোকে। উক্ত চিকিৎসকসকলে সংশ্লিষ্ট কলেজকেইখনৰ ডিনসকলৰ ওচৰত পদত্যাগপত্র জমা দিয়া বুলি জনাইছে।
মধ্যপ্রদেশ কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ডাঃ অৰবিন্দ মীনাই জনোৱা মতে, ৰাজ্য চৰকাৰে ইতিমধ্যেই তৃতীয় বর্ষৰ ছাত্র-ছাত্রীসকলৰ পঞ্জীয়ন বাতিল কৰিছে। যাৰ ফলত তেওঁলোকে পৰীক্ষাত বহিব নোৱাৰিব। তেওঁ লগতে ইয়াকো জনায় যে মধ্যপ্রদেশ হাইকোর্টৰ নির্দেশক প্ৰত্যাহ্বান জনাই ছুপ্রিম কোর্টত আপিল কৰিব। লগতে মেডিকেল অফিচাৰ্চ এছোচিয়েচন আৰু ফেডাৰেচন অব প্রেছিডেন্ট ডক্টৰ্ছ এছোচিয়েচনৰ সদস্যসকলেও এই আন্দোলনত যোগ দিব বুলি তেওঁ জনায়।













