নিউজ ডেস্কঃ
কৰণ জোহৰে বিচাৰিলে কি নহয়!
তেওঁৰ ইচ্ছাত আন্তর্জাতিক তাৰকাসকলো আহি উপস্থিত হ’ব পাৰে আৰব সাগৰৰ তীৰত মায়ানগৰীত। শীঘ্রেই তেনে কিবা এটাই ঘটাবলৈ আগবাঢ়িছে বলিউডৰ সদা বিতর্কিত প্রযোজক-পৰিচালকজনে। ইণ্ডাষ্ট্ৰিৰ ভিতৰত এতিয়া তেনে এক গুঞ্জনেই।
জানিবলৈ পৰা মতে, ইটালীয় অভিনেতা, গায়ক আৰু মডেল মিকেলে মোৰোনেকক লৈ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে কৰণ জোহৰ! ইতিমধ্যে তেওঁৰ দলৰ সৈতে যোগাযোগ কৰি কামৰ কথা আগবঢ়োৱাৰ চেষ্টা কৰিছে পৰিচালকজনে। নিজৰ প্রযোজনা সংস্থা ‘ধর্ম প্রডাকচনছ’ৰ ডিজিটেল শাখা ‘ধর্মাটিক এণ্টাৰটেইনমেন্ট’ৰ এখন ছবিৰ বাবে মিকেলেক বিচাৰিছে তেওঁ।
উল্লেখ্য, যোৱা বছৰ নেটফ্লিক্সত ‘৩৬৫ ডেজ’ ছবিৰ সুবাদত বিশ্বৰ নানা প্রান্তত খ্যাতি বিয়পি পৰে মিকেলেৰ। ‘ইৰোটিক ৰোম্যান্স’ ঘৰানাৰ এই ছবিখনত এজন চিচিলীয় ডনৰ ভূমিকাত অভিনয় কৰিছিল তেওঁ। ডিজিটেল প্লেটফর্মত ছবিখন পলিচ, ইটালীয় আৰু ইংৰাজী ভাষাত মুক্তি পায়। তাত মিকেলেৰ সুগঠিত চেহেৰা, আবেগিক অভিনয়ে হৃদস্পন্দন বঢ়াইছিল অজস্র দর্শকৰ। পৃথিৱীৰ অন্যান্য প্রান্তৰ দৰে ভাৰততো তেওঁৰ অনুৰাগীৰ সংখ্যা একেবাৰে কম নহয়। মিকেলেৰ ইনষ্টাগ্রামত চকু ৰাখিলেই সেয়া আৰু বুজিবলৈ বাকী নাথাকে। সেয়ে কৰণৰ ছবিত মিকেলেৰ অভিষেকৰ খবৰ চূড়ান্ত হোৱালৈকে দিন গণিছে উপ-মহাদেশখনৰ অনুৰাগীসকলে।