![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা ধাৰাবাহিক অভিযানৰ মাজতে সৰৱহৈ পৰিছে গৰুচোৰ চক্ৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি ডিলাই আৰক্ষীয়ে অভিযান চলাই তিনিটা চুৰি গৰুসহ চাৰিটাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এক তথ্যৰ ভিত্তিত আজি পুৱাৰ ভাগত ডিলাই থানাৰ অচি বিতুপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এক দলে ডিলাইৰ ১০ মাইলত অভিযান চলাই এএছ ১২-ই ০৭৮৪ নম্বৰৰ এখন টাটা ডি আইসহ তিনিটা চুৰি গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি উদ্ধাৰ হোৱা গৰু চোৰৰ এটা দলে বোকাজান থানাৰ অন্তৰ্গত জপৰাজান টিং বস্তি আৰু পাটৰ গাঁৱৰ পৰা গৰু কেইটা চুৰি কৰি আনিছিল৷
আজি ডিলাই থানাত উপস্থিত হৈ উদ্ধাৰ হোৱা গৰু কেইটাৰগৰাকীয়ে নিজ নিজ পশুধনক চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ আনহাতে গৰু চুৰি কাণ্ডৰ সৈতে জড়িতৰ বাবে গ্ৰেপ্তাৰ চাৰিটা গভাইত চোৰ ক্ৰমে,ডিলাই দহ মাইলৰ খনছিং টেৰণ (৩৬), মাঞ্জা থানাৰ অন্তৰ্গত ডিমাছা ৰংফাৰ গাঁৱৰ খৰছিং তেৰাঙ (৩৫), ডিলাই চাৰিমাইলৰ ৰবিন্দ্ৰ টকবী (২৯) আৰু গোলাঘাট জিলাৰ কমাৰগাঁৱৰ চুংগী হোলাৰ ৰাজীৱ গগৈ (৩৫) বুলি চিনাকেত কৰা হৈছে ৷ চুৰি গৰু কেইটা ডিমাপুৰ ফালে বিক্ৰি কৰাৰ বাবে নিয়াৰ পৰিকল্পনা কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷













