ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দ্ৰুত হাৰত ক’ভিডৰ সংক্ৰমন অব্যাহত থকাৰ মাজতে কাৰবি আংলঙৰ বোকাজানত সংঘটিত হৈছে এক ভয়ানক ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি বহিঃৰাজ্যৰ পৰা ৰাজিন্দৰ নগৰ এক্সপ্ৰেছত তিনিচুকীয়া অভিমুখে আহিছিল যাত্ৰীসমূহ। ৰে’লখনৰ পৰা বহু যাত্ৰী পলায়ন কৰে কৰে যদিও ১৭ জন আৰোহিক কৰায়ত্ত কৰে স্থানীয় ৰাইজে। ইয়াৰে ৬ জন চি আৰ পি এফৰ জোৱান বুলি জানিব পৰা গৈছে। কৰোনাৰ বাবে ডিমাপুৰত ট্ৰেন ৰখাৰ অনুমতি প্ৰদান কৰা নাই। যাৰ বাবে ট্ৰেইনৰ চেইন টানি পলাবলৈ চেষ্টা কৰে বহু যাত্ৰীয়ে।
ইতিমধ্যে বোকাজান আৰক্ষী আৰু ৰে’লৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।