ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে একাধিক সফল অভিযান চলোৱাৰ পিছতো যেন অধিক তৎপৰহৈ পৰিছে ড্ৰাগছ সৰবৰাহকাৰীসকল ৷ কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত অবৈধ ড্ৰাগছ, হেৰ’ইন, ব্ৰাউন চুগাৰ আদিৰ যেন উজানহে উঠিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কালি বোকাজানত পুনৰ উদ্ধাৰ হৈছে অবৈধ ড্ৰাগছ ৷ আব্দুল কাদীৰ নামৰ লোক এজনৰ ঘৰত উদ্ধাৰ হৈছে ২৬টা চাবোনৰ বাকচত হেৰ’ইন। বোকাজান মহকুমা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰে ৩৩১ গ্ৰাম হেৰ’ইন। আব্দুল কাদীৰৰ ঘৰৰ পিছফালে মাটিত পুতি থৈছিল হেৰ’ইনখিনি। ধৃত আব্দুল কাদীৰৰ ঘৰ খটখটিৰ টিলাবস্তিত।
ইতিমধ্যে খটখটি আৰক্ষীয়ে আটক কৰিছে আব্দুল কাদীৰক। উদ্ধাৰ হোৱা হিৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ২ কোটি ৫০ লাখ টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।