নিউজ ডেস্কঃ
হঠাৎ বিপর্যস্ত হ’ল বিশ্বজুৰি ইন্টাৰনেট সেৱা। কাম কৰা নাই একাধিক বৃহৎ সংবাদ মাধ্যমৰ ৱেবছাইটে। সমস্যাত পৰিবলগা হৈছে আমাজনৰ দৰে ই–কমাৰ্চ ছাইট। জানিব পৰা মতে, ফিনান্সিয়াল টাইমছ, নিউয়র্ক টাইমছ, চিএনএন, ব্লুমবার্গ নিউজসহ একাধিক আন্তর্জাতিক সংবাদ মাধ্যমৰ ৱেবছাইটবোৰে হঠাৎ কাম নকৰা হৈ যায়। মঙ্গলবাৰে দিনটোত এই সমস্যাই দেখা দিয়ে। ইয়াৰ উপৰি Amazon.com ৰ ৰিটেইল ৱেবছাইটও ইন্টাৰনেট বিপর্যয়ৰ সম্মুখীন হৈছে। কিন্তু কিয় এনেকুৱা হ’ল, সেয়া এতিয়াওও জনোৱা নাই আমাজনৰ তৰফৰ পৰা। আনহাতে, বিবিচিৰ ৰিপোর্ট মতে, কাম কৰা বন্ধ কৰি দিছে ব্রিটেইনৰ চৰকাৰী ৱেবছাইটেও। gov.uk ত ক্লিক কৰিলে দেখুৱাইছে Error 503।
বিশ্বজুডৰি সংবাদ মাধ্যমৰ ৱেবছাইটবোৰেই কিয় কাম কৰা নাই, তাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বিশেষজ্ঞসকলৰ একাংশৰ মতে, কোনো বিশেষ কাৰণত আন্তর্জাতিক মিডিয়াক টার্গেট কৰা হ’ব পাৰে। অৱশ্যে আৰু এটি কাৰণ হোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, ক্লাউড কম্পিউটিং প্রোভাইডাৰ Fastly এই সকলো ৱেবছাইটৰ দায়িত্বত আছে। তেওঁলোকৰ সেৱাত গণ্ডগোল হোৱাৰ বাবেই কাম কৰা নাই ছাইটবোৰে। সমগ্ৰ বিষয়টি তদন্ত কৰিছে Fastlyয়ে।