ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী কে শিৱনে দেওবাৰে কয় যে চন্দ্ৰায়ন-২ৰ লেণ্ডাৰ বিক্ৰম কোন স্থানত আছে, সেই তথ্য পোৱা গৈছে। তেওঁ লগতে কয় যে এতিয়ালৈকে বিক্ৰমৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ সংস্থাক তেওঁ কয়, ‘আমি লেণ্ডাৰ বিক্ৰমৰ স্থান নিৰ্ণয় কৰিব পাৰিছো আৰু অৰ্বিটাৰে বিক্ৰমৰ এখন ফটোও লৈছে।
কিন্তু এতিয়ালৈকে যোগাযোগ কৰিব পৰা নাই। আমি যোগাযোগ কৰিবলৈ চেষ্টা চলাই আছো। শীঘ্ৰেই ইয়াৰ সৈতে যোগাযোগ স্থাপন হ’ব।’ ইছৰোৰ মুৰব্বীজনৰ এই মন্তব্যৰ পাছতে দেশজুৰি পুনৰ আনন্দৰ বন্যা বৈছে। সকলোৰে সেমেকি উঠা চকুবোৰ পুনৰ উজ্জ্বল হৈ পৰিছে।
উল্লেখযোগ্য যে শুকুৰবাৰে নিশা চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ৰ লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰিব লাগিছিল যদিও ইয়ালৈ মাত্ৰ ২.১ কিমি বাকী থকা সময়তে বিক্ৰমৰ সৈতে বেংগালুৰুস্থিত ইছৰোৰ এই অভিযানৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ যোগাযোগ ব্যাহত হৈ পৰে। তেতিয়াৰপৰাই সকলোৱে পুনৰ যোগাযোগ সম্ভৱ হ’ব বুলি আশা কৰি থকাৰ মাজতে মুৰব্বীজনৰ শেহতীয়া মন্তব্যই স্বাভাৱিকতে সকলোকে আনন্দিত কৰি তুলিছে।













