ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত দেওবাৰে গুৱাহাটীত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিয়ে।
খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উত্তৰ পূব পৰিষদৰ বৈঠকত ভাগ লৈ থকাৰ মাজতে শ্বাহক স্মাৰক পত্ৰখনি প্ৰদান কৰে প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰমুখ্যে আন-আন বিষয়ববীয়াই।
স্মাৰক পত্ৰখনিত এনআৰচিত হোৱা বিসংগতিৰ কথা উল্লেখ কৰা হয়। এনআৰচিখনত লাখ-লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে লাখ-লাখ স্বদেশীৰ নাম অন্তৰ্ভুক্ত নহ’ল বুলি কোৱা হৈছে।













