নিউজ ডেক্স:
সুদীর্ঘ প্রতীক্ষাৰ অন্তত নতুন দিগন্তৰ সূচনা হ’ল চৌডি আৰবত। নতুন সংশোধিত আইন অনুসৰি পুৰুষ অভিভাৱক অবিহনেই কোনো মহিলাই বিচাৰিলে স্বাধীনভাবে থাকিব পাৰিব। দেশত ইয়াৰ আগতে আইন আছিল, বিবাহ বিচ্ছেদৰ পিছত কোনো প্রাপ্তবয়স্ক মহিলা কোনো পুৰুষ অভিভাৱকৰ অধীনত থাকিব লাগিব।
অকলশৰে জীয়াই থকাৰ কোনো অধিকাৰ নাছিল মহিলাৰ। ১৬৯ (বি)-ৰ সংশোধিত আইন অনুসৰি, বিচ্ছেদৰ পিছত মহিলাসকলে বিচাৰিলে অকলে থাকিব পাৰিব। কাৰোবাৰ অধীনত থাকিব নে অকলশৰে থাকিব, সেইটো নিজেই সিদ্ধান্ত ল’ব।
নতুন আইন অনুযায়ী, জে’লৰ পৰা ওলোৱাৰ পিছত, ৰেহাই পালে মহিলাসকলে স্বাধীনভাবে থাকিব পাৰিব। এই সময়ত কোনো পুৰিষৰ অধীনত থাকিব নালাগে তেওঁলোক। পূৰ্বৰ এই নিয়ম অনুযায়ী, জে’ল খাটাৰ পিছত কোনো পুৰুষ অভিভাৱকৰ হাতত মহিলাসকলক গতাই দিছিল প্রসাশনে।
ইয়াৰ আগতে চৌডি আৰবত কোনো ছোৱালী অকলশৰে থকাৰ সিদ্ধান্ত ল’লে, তেওঁৰ বিৰুদ্ধে প্রসাশনৰ ওচৰত অভিযোগ কৰিব পাৰিছিল কোনো পুৰুষে। নতুন আইন অনুসৰি, এতিয়াৰে পৰা মহিলাসকলে অকলে থকাৰ সিদ্ধান্তৰ বিৰুদ্ধে কোনোৱে অভিযোগ আনিব নোৱাৰিব।
উল্লেখ্য, যোৱা বছৰেই আইনৰ সংশোধন কৰি, কোনো অভিভাৱকৰ অনুমতি অবিহনে চৌডি মহিলাসকল বিদেশলৈ অকলশৰে ভ্রমণৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱা হৈছিল। এইবাৰ আইনৰ নতুন নিয়ম অনুসৰি, স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰাত স্বাভাবিকতেই উচ্ছ্বসিত সাধাৰণ নাৰী সমাজ।