নিউজ ডেক্স:
শনিবাৰে নিশা সমগ্ৰ বিশ্বৰ ফুটবল সমর্থকসকলৰ মনত সৃষ্টি হয় তীব্ৰ আশঙ্কাৰ। ইউৰো কাপত গ্রুপ বিৰ মেচত মুখামুখী হৈছিল ডেনমার্ক আৰু ফিনলেণ্ড। ৪২ মিনিটৰ অন্তত হঠাৎ খেলপথাৰৰ ভিতৰতে পৰি যায় এৰিকছন। লগে লগে তেওঁক চিপিআৰ দিয়ে ডেনমার্কৰ অধিনায়ক ছাইমন কায়েৰে।
ইয়াৰ পিছত চিকিৎসক আহিলত তেওঁলোকক ঘেৰি দেৱাল নিৰ্মাণ কৰে ফুটবলাৰসকলে। সেই সময়ত তেওঁলোকৰ কান্দোনে বুজাই দিছিল যে সতীর্থৰ এনে অৱস্থাত তেওঁলোক মানসিকভাবে কিমান ভাঙি পৰিছে।
১০ মিনিট পিছত এৰিকছনক লৈ যোৱা হয় হস্পিটেললৈ। স্থগিত ৰখা হয় মেচ। ভাৰতীয় সময় নিশা ১২ বজাত খেলৰ যিখিনি অংশ বাকী আছিল সেয়া পুনৰ আৰম্ভ কৰা হয়। ফিনলেণ্ডৰ হৈ গ’ল কৰে জোৱেল পহযানপালোৰাই। গ’লৰ পিছত কোনো উচ্ছ্বাস প্রকাশ কৰা দেখা নগ’ল ফিনলেণ্ডৰ ফুটবলাৰসকলক।
হৃদৰোগ বিশেষজ্ঞৰ মতে ক্রিষ্টিয়ান এৰিকছনে আৰু ফুটবল খেলিব নোৱাৰিব। হৃদৰোগত আক্রান্ত হৈ থাকিলে ইটালিত ইণ্টাৰ মিলানৰ হৈও আৰু খেলাৰ সম্ভাৱনা নাই তেওঁৰ। ইয়াৰ আগতে কোনোদিন হৃদৰোগৰ কোনো সমস্যা ধৰা পৰা নাছিল তেওঁৰ।
শনিবাৰে নিশা ফিনলেণ্ডৰ বিৰুদ্ধে খেলত ডেনমার্কৰ নিৰ্ভৰযোগ্য মিডফিল্ডাৰ এৰিকছন হঠাৎ খেলপথাৰত বাগৰি পৰে। খেলপথাৰতে ১০ মিনিট চিকিৎসা কৰাৰ পিছত হস্পিটেললৈ লৈ যোৱা হয়। তাত তেওঁ জ্ঞান ঘূৰাই পালেও কি কাৰণত বাগৰি পৰিছিল সেয়া এতিয়াও স্পষ্ট নহয়। অনুমান কৰা হৈছে যে হৃদৰোগৰ কোনো সমস্যাৰ কাৰণে এনে ঘটিছিল।
উল্লেখ্য, হৃদৰোগৰ সমস্যা থাকিলে ইটালিত ফুটবল খেলা নিষিদ্ধ। মিলানৰ হৈ খেলে এৰিকছনে। হৃদৰোগৰ কোনো সমস্যা ধৰা পৰিলে ইটালিত তেওঁৰ পক্ষে খেলাটো সম্ভৱ নহয়। হৃদৰোগ বিশেষজ্ঞ স্কট মাৰেই এক সাক্ষাৎকাৰত কয়, “তেওঁৰ ফুটবল কেৰিয়াৰ প্ৰায় শেষ বুলিয়েই অনুমান হৈছে।
ইটালিৰ আইন অনুযায়ী কোনো খেলুৱৈৰ হৃদৰোগ থাকিলে তেওঁক খেলত অংশগ্রহণ কৰিব দিয়া নহয়।”
মাৰেৰ মতে ইচিজি কৰাৰ পিছতহে পৰিষ্কাৰ হ’ব কি কাৰণত এৰিকছনৰ এনে হৈছিল।
অৱশ্যে ১১ বছৰৰ ফুটবল কেৰিয়াৰত হৃদৰোগৰ কোনো সমস্যা নাছিল তেওঁৰ। হঠাৎ কিয় এনে হ’ল সেয়া জানিবৰ বাবে উদগ্রীৱ ফুটবল বিশ্ব।