নিউজ ডেক্স:
টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে মীৰাবাঈ চানুই। ৪৯ কেজি বিভাগৰ ভাৰোত্তোলকগৰাকীয়ে শনিবাৰে যোগ্যতা অর্জন কৰে অলিম্পিকত খেলাৰ বাবে।
উল্লেখ্য, ২০১৭ চনত বিশ্বকাপ জয় কৰিছিল চানুই। ৪৯ কিলোগ্রাম বিভাগত এছিয়ান চেম্পিয়নশ্বিপত ব্রঞ্জ পদক জয় কৰিছিল তেওঁ। এই মুহূর্তত ভাৰোত্তোলোকসকলৰ বিশ্বক্রম তালিকাত দ্বিতীয় স্থানত চানু। স্পর্টছ অথৰিটি অব ইণ্ডিয়াৰ (ছাই) তৰফৰ পৰা টুইটযোগে তেওঁলৈ শুভেচ্ছা জনাই লিখিছে, ‘টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰাৰ বাবে মীৰাবাঈ চানুলৈ শুভেচ্ছা। ভাৰোত্তোলোকৰ ক্রম তালিকাত দ্বিতীয় স্থানত আছে তেওঁ।’
ক্রম তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বাবেই যোগ্যতা অর্জন কৰে চানুই। চতুর্থ স্থানত আছিল তেওঁ। অলিম্পিকৰ পৰা উত্তৰ কোৰিয়াই নাম প্ৰত্যাহাৰ কৰাৰ পিছত দ্বিতীয় স্থানলৈ উন্নীত হয় ভাৰোত্তোলোকগৰাকী।
ৰিঅ’ অলিম্পিকতো স্থানলাভ কৰিছিল চানুই। কিন্তু সেইবাৰ কোনো ওজনেই তেওঁ একেবাৰাত দাঙিবলৈ সক্ষম হোৱা নাছিল। এইবাৰ পুনৰ সুযোগ আহিছে তেওঁৰ সন্মুখত।