ASSAM TIMES POST
নগাঁওঃ ৰাজ্যখনৰ আন ঠাইৰ লগতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিৱস আজি নগাঁৱতো উদযাপন কৰা হয়। শিল্পী সমাজ অসমৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিত তিনি দিনীয়াকৈ উদযাপিত হৈছে সুধাকন্ঠৰ জন্মদিৱস। আজি পুৱা শিল্পী সমাজ অসমৰ সভাপতি নিপন গোস্বামীয়ে পতাকা উত্তোলনৰে সুধাকন্ঠৰ জন্ম দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলন কৰি দিয়া ভাষণত নিপন গোস্বামীয়ে কয় যে, ড০ ভূপেন হাজৰিকা প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে। অসমীয়া জাতিক বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়া ব্যক্তিজনেই হ’ল ড০ ভূপেন হাজৰিকা। ড০ ভূপেন হাজৰিকাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া জাতিক শক্তিশালী কৰি তুলিবৰ বাবে গোস্বামীয়ে সকলোকে আহ্বান জনায়।
সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰাৰ পিছত অনুষ্ঠিত হয় চিত্ৰাংকণ প্ৰতিযোগিতা। বিয়লি এক বজাৰ পৰা অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্ৰতিযোগিতা। ৯ ছেপ্টেম্বৰৰ সন্ধ্যা সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰিব শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত সুধাকন্ঠৰ জন্ম দিৱসৰ কাৰ্যসূচী।
আনহাতে, সাহিত্য কৰ্মী দুলাল বৰা, মোলান লস্কৰ আৰু চিত্ৰ শিল্পী নৃপেন শইকীয়াৰ উদ্যোগত অকনিৰ সাহিত্য সভা, গণনাট্য সংঘৰ নগাঁও আৰু ইলেকট্ৰনিক মিডিয়া এচছিয়েছনৰ সহযোগত সুধাকন্ঠৰ জন্ম দিৱস পালন কৰা হয়। সমৰজিৎ শইকীয়া আৰু লোচন বৰাই আঁঁত ধৰা জন্ম দিৱসৰ এই অনুষ্ঠানত পাঁচ শতাধিক শিশুৱে অংশগ্ৰহণ কৰে। শিশু সকলে ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটোক জীপাল কৰি তোলে।
শিল্পী নয়নজ্যোতি শইকীয়াই ড০ হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি শিশুসকলক অনুপ্ৰাণিত কৰে। উক্ত অনুষ্ঠানতে ড০ ভূপেন হাজৰিকাৰ এখন প্ৰতিচ্ছবি ৰং তুলিকাৰে অংকন কৰে। আনহাতে গোলাঘাটৰ বিশিষ্ট ব্যক্তি অৰিন্দম গগৈয়ে প্ৰতি গৰাকী শিশুৰ হাতত ড০ ভূপেন হাজৰিকাৰ এখনকৈ গ্ৰন্থ তুলি দিয়ে।
ইপিনে, নগাঁও চহৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান কিশলয় সাংস্কৃতিক গোষ্ঠীয়ে আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপন নগাঁও জিলা সাহিত্য সভাৰ সাংস্কৃতিক প্ৰকল্পত ড০ ভূপেন হাজৰিকা কিশলয় সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিৱেশন কৰি সুধাকণ্ঠৰ জন্মদিন উদযাপন কৰে। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত নগাঁও চহৰৰ বিঞ্চু নগৰত দিনযোৰা কাৰ্যসূচীৰে সুধাকন্ঠৰ জন্মদিৱস উদযাপন কৰা হয়।













