ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত সাহিত্য সভাৰ কাৰ্যালয়ত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিৱস পালন কৰা হয়।
কাৰ্যসূচী অনুযায়ী ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি হেমপ্ৰভা তাছাই সুধাকন্ঠৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছত উপ সভাপতি বিভাস দুৱৰাই পুস্পমাল্য অৰ্পন কৰে।

লগতে সাধাৰন সম্পাদক গৌতম গগৈ, কুঁহিৰ সম্পাদিকা দিপ্তী বৰপাত্ৰ,প্ৰকাশন সচিব মিনাক্ষী দাস বৰুৱা,আকাশ অনুষ্ঠানৰ সম্পাদিকা টুনুমনি বৰুৱাই সুধাকন্ঠৰ ওপৰত সাৱলীল মন্তব্যৰে অনুষ্ঠানটো জীপাল কৰি তোলে।
শেষত মানুহে মানুহৰ বাবে শীৰ্ষক গীতটো সকলোৱে একেমুখে পৰিবেশন কৰে। আনহাতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত আজি সুধাকন্ঠৰ জন্ম দিৱস উলহ-মালহৰে পালন কৰা হয়।
ক্লাবৰ সভাপতি মনজিৎ বৰাই বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা অনুষ্ঠানটো সাধাৰন সম্পাদক ৰাতুল বুঢ়াগোঁহাইয়ে সঞ্চালনা কৰে। অনুষ্ঠানত ভালেসংখ্যক লোক উপস্থিত থাকে।













