ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়ঃ ডিব্ৰুগড় নগৰ আৰক্ষীৰ পৰিদৰ্শকৰ নেতৃত্বত চহৰৰ কালিবাৰী অঞ্চলৰ পৰা মহম্মদ ছফিকুল আলী নামৰ ড্ৰাগছ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰে।
ধৃত ছফিকুলৰ পৰা ৪৭৫ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ মাফিয়া ৰাজা আলিৰ ড্ৰাইভাৰ আছিল ছফিকুল। যোৱা ২৫ আগষ্টত ডিব্ৰুগড় আৰক্ষীয়ে ১ কেজি ১৪০ গ্ৰাম হিৰোইন সহ নগদ প্ৰায় ২০লাখ টকা জব্দ কৰিছিল ড্ৰাগছ মাফিয়া ৰাজা আলিৰ গৃহত।

সেই সময়ত চতুৰ ৰাজা আলিয়ে আৰক্ষীৰ চকুত ধুলি দি দুইমহলীয়া অট্টালিকাৰ পৰা জপিয়াই পলায়ন কৰিছিল। আজি পৰ্যন্ত কোনো সন্ধান পোৱা নাই ৰাজা আলিৰ।
আজি পুনৰ ৰাজা আলিৰ গৃহতে ভাড়া থকা মহম্মদ ছফিকুল আলীৰ পৰা প্ৰায় আধা কিলোগ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰা লগতে ৰাজা আলীৰ ড্ৰাইভাৰ ছফিকুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
AS06V 3570 নম্বৰ স্কুটি খনত তলৰ অংশত গোপনে এটা চেম্বাৰ নিৰ্মাণ কৰি লুকুৱাই ৰাখিছিল ব্ৰাউন ছুগাৰ খিনি। জানিব পৰা মতে উক্ত স্কুটি খন ড্ৰাগছ মাফিয়া ৰাজা আলিৰ। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।













