ASSAM TIMES POST
নগাঁওঃ খিলঞ্জীয়া মঞ্চ অসমৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি নগাঁও প্ৰেছ ক্লাৱত ‘অসমীয়া জাতিৰ সাংবিধানিক ৰক্ষা কবচ’ শীৰ্ষক এক আলোচনা সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদাণ কৰা হয়।
মঞ্চৰ সভাপতি ৰেৱত চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ কেবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধেয়ে অংশগ্ৰহণ কৰে। সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খিলঞ্জীয়া মঞ্চ অসমৰ সচিব তথা আলফা নেতা মৃণাল হাজৰিকাই অসমীয়া জাতিৰ সন্মুখত বিভিন্ন দিশৰ পৰা অহা ভাবুকি আৰু প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি অসমীয়া জাতিক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বক ঐক্যবদ্ধ সংগ্ৰামত জড়িত হবলৈ আহ্বান জনায়।
খিলঞ্জীয়া লোকৰ হাতত যাতে ভুমিৰ অধিকাৰ, সম্পদৰ অধিকাৰ সদায় থাকিব পাৰে তাৰ বাবে শক্তিশালী গণ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ অসমীয়া জাতিৰ অৰ্থনৈতিক বুনিয়াদ সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ৰাজনৈতিক ভাবেও অসমীয়া জাতিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।
সভাত সত্ৰাধিকাৰ যাদৱ চন্দ্ৰ মহন্ত, চুতীয়া সন্মিলনৰ পৱিত্ৰ বৰদলৈ, চাহ জনজাতি নেতা বীৰেণ মিৰ্ধা, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে। সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, চুতীয়া জাতীয় সন্মিলন, নাথ যোগী ছাত্ৰ সন্মিলন, গৰীয়া মৰিয়া দেশী জাতি পৰিষদ, ঐক্য সেনা অসম, বিহু সুৰক্ষা সমিতিকে ধৰি কেবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সাংবিধানিক ৰক্ষা কবচ শীঘ্ৰে প্ৰদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।
উল্লেখ্য আজি নগাওঁ প্ৰেছ ক্লাৱত অনুষ্ঠিত খিলঞ্জীয়া মঞ্চ অসমৰ সভাত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱ সমূহৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ প্ৰস্তাৱ হৈছে অসমত স্থায়ী ভাবে বসবাস কৰি থকা ভূমিপুত্ৰ জাতি জনগোষ্ঠী যেনে বড়ো, ৰাভা, তিৱা, কাৰ্বি, ডিমাছা, মৰাণ, মটক, চুতীয়া, তাই আহোম, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মদাহী, শৰণীয়া কছাৰী, বৰ্মন কছাৰী আদিৰ লগতে গাৰো, কুকি, হাজং, শালৈ, কলিতা, অসমীয়া বামুণ, কৈৱতৰ, অসমীয়া শিখ আদিক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।













