ASSAM TIMES POST
নগাঁওঃ অসমীয়া শিখ সন্থাৰ অসমৰ নৱ নিৰ্বাচিত কাৰ্যনিবাহকৰ প্ৰথম আৰু বৰ্দ্ধিত প্ৰতিনিধিমুলক সভা আজি নগাঁৱত অনুষ্ঠিত হয়। নগাঁও গুৰুদ্বাৰৰ সভাগৃহত সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ৰাজবীৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক শিখ সম্প্ৰদায়ৰ লোকে অংশ গ্ৰহণ কৰে ৷

উক্ত সভাত অসমীয়া শিখ সকলৰ উন্নয়ণৰ বাবে সন্থাই গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থাৰ ওপৰত বিতং ভাবে আলোচনা কৰা হয় । সভাত বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে সংখ্যালঘু উন্নয়নৰ নামত বছৰি কোটি কোটি টকাৰ আবন্টিত হয় যদিও এই ধন শিখ সম্প্ৰদায়ৰ লোকে নাপায়। এই ধন পাবৰ বাবে তেওঁলোক আগবাঢ়ি যাব লাগিব। বৰ্তমান ৰাজ্য চৰকাৰে সৰু সৰু সম্প্ৰদায়ক লৈ আগবাঢ়িব বিচাৰিছে বুলি উল্লেখ কৰি ডাঃ মমিনে আৰু কয় যে, এই সম্প্ৰদায়ৰ পৰা প্ৰতিনিধি অহাটো নিশ্চিত কৰাৰ বাবে অসমত উচ্চ সদন গঠনৰ চিন্তা চৰ্চা কৰা হৈছে।
পৃথিৱীৰ ভিতৰত শিখ সকলৰ শক্তি অধিক বুলি অভিহিত কৰি ডাঃ মমিনে অসমৰ শিখসকলক সকলো দিশত আগবাঢ়ি যোৱাত বিধায়ক গৰাকীয়ে সহায় সহযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে। ইপিনে, শিখসকল অসমলৈ অহা দুশ বছৰীয়া পূর্তি উপলক্ষে গুৱাহাটীত এখন শিখ অধিৱেশনৰ প্ৰস্তুতিৰ ওপৰতো আলোচনা কৰা হয়। উক্ত সভাত অসমীয়া শিখ সন্থাৰ নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি ভকত সিং, উপ-সভাপতি ক্ৰমে ললিত সিং, প্ৰতাপ সিং, বৰিয়াম সিং, চহন সিং, কোষাধ্যক্ষ নন্দন সিং আদিকে ধৰি প্ৰায় আটাইকেই গৰাকী বিষয়ববীয়া উপস্থিত থাকে।













