ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ গাঁৱৰ মহিলা সকলক ক্ষুদ্ৰৰ পৰা মহত্বলৈ উত্তৰণ ঘটোৱাৰ নিৰন্তৰ প্ৰচেষ্টাত ব্ৰতী থকা শিৱসাগৰ দিখৌমুখ ন-কটানি কালুগাঁৱৰ এটি সুন্দৰ অনুষ্ঠান হৈছে তেজস্বীনি ।
সৰু গাঁওখনিৰ মহিলা সকলক এক সুস্থিৰ সাংস্কৃতিক মানসিকতা গঢ়ি তোলাৰ মানসেৰেই ৮ ছেপ্তেম্বৰৰ দিনটো তেজস্বীনিৰ মহিলাসকলে উদ্যাপন কৰিলে কালজয়ী কণ্ঠৰ গৰাকী, ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰৰ ওপজা দিন । উল্লেখ্য যে, ইতিমধ্যে তেজস্বীনিৰ প্ৰচেষ্টাত মহিলাৰ এটি ভাওনাৰ দলো গঢ় লৈ উঠিছে।
গণেশ গগৈৰ কালজয়ী নাট “শকুনিৰ প্ৰতিশোধ” খনি সুন্দৰভাৱে ভাওনাৰ আকাৰত উপস্থাপন কৰি জনসমাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। এই যাত্ৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি তেজস্বীনিৰ দ্বাৰা মঞ্চস্থ হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ “ৰূপালীম” ।
প্ৰতিষ্ঠাপক সম্পাদিকা তৃপ্তি হাজৰিকা আৰু সভানেত্ৰী কবিতা ওজা নেওগৰ সুদৃঢ় নেতৃত্বত গাঁওখনৰ মহিলা সকলে বহুতো সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা জিলাখনত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ৷ বৰ্তমানৰ সম্পাদিকা সীমা বৰা আৰু সভানেত্ৰী প্রণতী নেওগৰ নেতৃত্বত এইবাৰো মহিলা সকলক লৈ “ৰুক্মিণী হৰণ” ভাওনা আৰু মহিলাৰ মাজত এখনি দিহানামৰ আয়োজন কৰিছে।
অহা ১৩ আৰু ১৪ ছেপ্টেম্বৰত শ্ৰী শঙ্কৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ দেৱেন নেওগ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া দুইদিনৰ কাৰ্যসূচীলৈ সদৌটি ৰাইজক তেজস্বীনিৰ পৰিয়ালে সংবাদ মাধ্যমৰ যোগেদি কৰপুতে নিমন্ত্ৰণ জনাইছে।













