নিউজ ডেস্কঃ
সম্প্রতি প্রকাশিত ব্লুমবার্গ বিলিয়নিয়াৰছ সূচক অনুযায়ী, এছিয়াৰ শীর্ষ ধনীসকলৰ তালিকাত দ্বিতীয় স্থানত আছিল ভাৰতৰ গৌতম আদানি। প্রথম স্থানত থকা মুকেশ আম্বানিৰ ৰিলায়েন্স গ্রুপৰ পিছত তেৱেঁই আছিল ভাৰত তথা এছিয়াৰ দ্বিতীয় সর্বোচ্চ ধনী। কিন্তু সম্প্ৰতি তেওঁৰ শিৰৰ মুকুট কাঢ়ি নিয়ে চীনা ব্যৱসায়ী ঝাং শনশানে। বর্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৯.৩ বিলিয়ন ডলাৰ।
জানিব পৰা মতে, বিগত কেইবাদিন ধৰি আদানি গ্রুপৰ শ্বেয়াৰ মূল্য অবিৰতভাৱে কমিছে। যাৰ প্রভাব পৰিছে সম্পূৰ্ণ সম্পত্তিৰ ওপৰত। এই কাৰণে এছিয়াৰ দ্বিতীয় ধনী ব্যক্তিৰ তালিকাৰ পৰা তেওঁ তৃতীয় স্থানলৈ অৱনমিত হৈছে। ইয়াৰ উপৰি বিশ্বৰে ধনী ব্যক্তিসকলৰ ভিতৰত তেওঁৰ বৰ্তমান অৱস্থান ১৫।
যোৱা বছৰে প্রায় ৩৩.৮ বিলিয়ন ডলাৰ সম্পত্তি বৃদ্ধি হয় আদানি গ্রুপৰে। কৰোনা কালত আদানি গ্রিন, আদানি টোটেল গেছ, আদানি পাৱাৰসহ বহু কেইটা কোম্পানীৰ সম্পত্তি বাঢ়ি হয় প্রায় ৮ ট্রিলিয়ন ডলাৰে।
কি কাৰেণত এই অৱস্থা?
সোমবাৰে, ১৪ জুনত খবৰ বিয়পি পৰে যে নেচনেল চিকিউৰিটিজ ডিপোজিট লিমিটেডে (এনএছডিএল) তিনি বিদেশী পুঁজি ‘ফ্রিজ’ কৰি দিছে। ইয়াৰ ভিতৰত আদানি গ্রুপৰে চাৰিটা প্রতিষ্ঠানৰে প্রায় ৪৩ হাজাৰ ৫০০ কোটি টকাৰে শ্বেয়াৰ আছে। সেই কাৰেণেই হঠাৎ পতনৰে সম্মুখীন হয় আদানি গ্রুপৰে শ্বেয়াৰ। বিগত তিনি দিনতেই প্রায় ৯ বিলিয়ন ডলাৰৰ অর্থাৎ ৭৬ হাজাৰ ৩১০ কোটি ৭২ লাখ ১০ হাজাৰে টকা ক্ষতিৰে সম্মুখীন হৈছে আদানি গ্রুপ।