ASSAM TIMES POST
গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সোমবাৰে পুৱাৰ ভাগত কামাখ্যা মন্দিৰ দৰ্শন কৰে।
মন্দিৰ দৰ্শনৰ সময়চোৱাত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ বৈঠকত তেওঁ ভাগ লয়।
উল্লেখ্য দেওবাৰে আগবেলা গুৱাহাটীত উপস্থিত হোৱাহি অমিত শ্বাহে একেদিনাই খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ বৈঠকত ভাগ লয়।













