ASSAM TIMES POST
গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ইয়াৰ ৰাজ্যকেইখনৰ সমভাৱাপন্ন আঞ্চলিক ৰাজনৈতিক দলসমূহৰ যৌথ মঞ্চ উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ চতুৰ্থ সংখ্যক সমাৰোহ সোমবাৰে আৰম্ভ হয় গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।
ইয়াত ভাজপাৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু; ৰামেশ্বৰ তেলী, ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ তামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, অসমৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, বিটিচি প্ৰধান আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী তথা উত্তৰ–পূবৰ ৮খন ৰাজ্যৰ বিজেপি নেতৃত্ব উপস্থিত থাকে।
সমাৰোহৰ আদৰণি ভাষণ প্ৰদান কৰে নেডাৰ আহ্বায়ক তথা অসমৰ বিত্ত; স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াত তেওঁ কয় যে পূৰ্বোত্তৰৰ আঠোখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী হোৱাটো ইতিহাসৰ প্ৰথম ঘটনা। নেডা হৈছে উত্তৰ–পূবৰ আঠ ৰাজ্যৰ মাজত সদ্ভাৱনাৰ বাবে এক প্লেটফৰ্ম।
তেওঁ আৰু কয় যে উত্তৰ পূবৰ ২৫ গৰাকী সাংসদৰ ১৯ গৰাকীয়েই নেডাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ পূবক দেশৰ সম্পদ হোৱাতো বিচাৰিছে। উত্তৰ–পূবৰ সীমা সমস্যা আলোচনাৰ মাজেদি সমাধানৰ পোষকতা কৰে তেওঁ।













