ASSAM TIMES POST
গুৱাহাটীঃ অহা ১৩ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব ঠিকাভিত্তিক টেট শিক্ষকসকলে।
ইয়াত যদি চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে একেটা মাহতে উল্লেখিত কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী হাতত ল’ব। তদুপৰি প্ৰয়োজন সাপেক্ষে দিল্লী যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিব।– এই বক্তব্য সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ।
সোমবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদকদ্বয় মিৰাজুল ৰাছিদ; দিপাৰ্ণব ঘোষে কয় যে দেওবাৰে গুৱাহাটীৰ শিক্ষক ভৱনত অনুষ্ঠিত কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ দাবীৰে এই কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সদৰী কৰি সভাপতিজনে কয় যে ৰাজ্যৰ শিক্ষামন্ত্ৰীজনক শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰি বিভাজনৰ ৰাজনীতিহে কৰিব খুজিছে।
ইফালে সম্পাদকদ্বয়ে বিবৃতিটোত কয় যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিকে প্ৰমুখ্য কৰি সাত জনকৈ সাংসদে টেট শিক্ষকসকলৰ পক্ষত থিয় দিয়াৰ বিপৰীতে শিক্ষামন্ত্ৰীজনেহে সমাধান নকৰি সমস্যা বঢ়াই আছে।













