ASSAM TIMES POST
গুৱাহাটীঃ চৰকাৰে সহযোগ কৰিলে জংঘলত থকা এনডিএফবি(এছ)ক ঘূৰাই আনিব পৰা যাব বুলি কৈছে বিপিএফৰ মুৰব্বী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
সোমবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ সমাৰোহতে তেওঁ এই কথা কয়। মহিলাৰীয়ে উত্তৰ পূবত বহু সন্ত্ৰাসবাদী সংগঠন থকাৰ কথা সদৰী কৰি এনডিএফবিৰ সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰক আহ্বান জনায়।
ইফালে ভাৰতীয় জনতা পাৰ্টিৰ দীৰ্ঘম্যাদী শাসনৰ কথা ক’বলৈ গৈ তেওঁ কয় যে ২০ বছৰ কেন্দ্ৰত থাকিব বিজেপি চৰকাৰ। সমান্তৰালভাৱে অসমতো পুনৰ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি তেওঁ কয়।
ইফালে ২০২০ত অনুষ্ঠিতব্য বিটিএডিৰ নিৰ্বাচনত অগপ, বিজেপি আৰু বিপিএফে একেলগে অৱতীৰ্ণ হ’ব বুলিও তেওঁ উল্লেখ কৰে।













